உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দুৰ্গা পূজাৰ বতৰত ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা, দুজন ব্যৱসায়ীক অপহৰণ কৰি গছত বান্ধি চলালে অকথ্য শাৰীৰিক নিৰ্যাতন

    দুৰ্গা পূজাৰ বতৰত ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা, দুজন ব্যৱসায়ীক অপহৰণ কৰি গছত বান্ধি চলালে অকথ্য শাৰীৰিক নিৰ্যাতন

    উদ্ধাৰৰ বাবে যোৱা আৰক্ষীকো আক্ৰমণৰ অপচেষ্টা

    উদ্ধাৰৰ বাবে যোৱা আৰক্ষীকো আক্ৰমণৰ অপচেষ্টা

    উদ্ধাৰৰ বাবে যোৱা আৰক্ষীকো আক্ৰমণৰ অপচেষ্টা

    • Share this:
    ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দুজন যুৱ ব্যৱসায়ীক অপহৰণ কৰি অকথ্য নিৰ্যাতন চাৰি যুৱকৰ। মাজ নিশা এখন হোণ্ডা চিটী বাহনত অপহৰণ কৰি এটা ইটাভাটাৰ সন্মুখত বান্ধি থলে দুয়োজন ব্যৱসায়ীক।

    জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ নপুখুৰী অঞ্চলৰ তাপশ বৰপুজাৰী আৰু তিনিচুকীয়াৰ শুকান পুখুৰীৰ শংকৰ জয়শ্ৰী নামৰ দুই যুৱ ব্যৱসায়ীক AS 061-0105 নম্বৰৰ এখন হোণ্ডা চিটি বাহনত অপহৰণ কৰি অকথ্য শাৰীৰিক নিৰ্যাতন চলাই চাৰি জন যুৱকে। আনকি নিশা এজোপা গছত হাত, ভৰি বান্ধি চাৰিটা অপহৰণকাৰীয়ে দাবী কৰিছিল সাত লাখ টকা।

    পিছত গোপন সুত্ৰৰ পম খেদি লাহোৱাল আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ অতি তৎপৰতাৰে অপহৃত যুৱক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে উক্ত ঘটনাত জড়িত ৪ অপহৰণকাৰীক লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অপহৰণ কাৰ্যত ব্যৱহৃত গাড়ীখন জব্দ কৰিছে।

    যুৱক দুজনৰ এজাহাৰ ভিত্তিত ভাৰতীয় দণ্ডবিধী আইনৰ ৩৪২/৩৮৭/৩২৫/৫০৬/৪২৭/৩৪ ধাৰাৰ অধীনত ২৩৩/২০ নং গোচৰ পঞ্জীয়ণ কৰি মহম্মদ চাহানুজ হুছেইন (২৭), আবাদুল হুছেইন (৬৫), মহম্মদ চাৰাউদ্দিন আলী (২৭) আৰু মহম্মদ চমিৰ আনচাৰি (৪৪) নামৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

    ইটাভাটাটোৰ মালিক মহম্মদ আবাদুল হুছেইনসহ চাৰিওজন যুৱকে আৰক্ষীকো আক্ৰমণ কৰিছিল। আক্ৰমণৰ ফলত আৰক্ষী SI দিব্যজ্যোতি কোঁৱৰসহ আন এজন কনিষ্টবল আহত হোৱাৰ লগতে আৰক্ষীৰ পিষ্টল কাঢ়ি ল’বলৈ চেষ্টা কৰিছিল। অৱশ্যে আৰক্ষীয়ে তৎপৰতাৰে চাৰিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা লগতে অপহৃত যুৱক দুজনক মোকলাই আনিবলৈ সক্ষম হয়।
    Published by:Himangshu Bhuyan
    First published: