ডিব্ৰুগড়ৰ চেঁচা তিনিআলিত ভয়ংকৰ পৰিস্থিতি। গেছ ভৰ্তি টেংকাৰৰ পৰা অহৰহ নিৰ্গত হৈছে গেছ। NRL পেট্ৰ’ল পাম্পত ৰখাই থোৱা অৱস্থাত ‘As04 BC 1388’ নম্বৰৰ LPG পৰিবাহী টেংকাৰখনৰ পৰা হঠাৎ গেছ নিৰ্গত হয়।
উল্লেখ্য যে, দুৰ্গাপুৰ IOCLবটলিং প্লাণ্টৰ পৰা ডিগবৈ IOCLলৈ ৪ নৱেম্বৰত ৰাওনা হৈছিল এই টেংকাৰখন। নিশা এটা পেট্ৰ’ল পাম্পত ৰখাই থোৱা হৈছিল গেছভৰ্তি বাহনখন। শুকুৰবাৰে পুৱা পেট্ৰ’ল পাম্পটোৰ এজন কৰ্মচাৰীয়ে এজোপা গছ কাটি থাকোতে হঠাত্ গছৰ ডাল ভাঙি গেছভৰ্তি বাহনখনৰ ওপৰত পৰে। ফলত টেংকাৰখন ফুটি গেছ নিগৰ্ত হ’বলৈ ধৰে।
এনেদৰে গেছ নিৰ্গত হৈ থকাৰ ফলত এতিয়া চৌদিশে আতংকৰময় পৰিৱেশে বিৰাজ কৰিছে। তৎকালীনভাৱে স্থানান্তৰ কৰা হৈছে দাঁতিকাষৰীয়া লোকসকলক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক।জানিব পৰা মতে, দুৰ্যোগ প্ৰশমন বিভাগৰ দুখন বাহনে এতিয়া চেষ্টাৰ অন্তত গেছ প্ৰশমন কৰিবলৈ সক্ষম হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|