চাকৰি দিয়াৰ নামত কোটি টকা সৰকাই পলাল সন্দেহজনক কোম্পানীৰ বিষয়া, বিবুদ্ধিত শ শ শিক্ষিত নিবনুৱা!

News18 Assam | News18-Assam
Updated:November 7, 2020, 9:23 PM IST
চাকৰি দিয়াৰ নামত কোটি টকা সৰকাই পলাল সন্দেহজনক কোম্পানীৰ বিষয়া, বিবুদ্ধিত শ শ শিক্ষিত নিবনুৱা!
ৰাজ্যত শিক্ষিত নিবনুৱা সমস্যাই ভয়াৱহৰূপ ধাৰণ কৰাৰ সময়তে Farezone Travels PVT.LTD নামৰ এটা সন্দেহজনক কোম্পানীৰ নামলৈ বিষয়ববীয়াই চাকৰি দিয়াৰ নামত লুটিলে লাখ লাখ টকা। 

ৰাজ্যত শিক্ষিত নিবনুৱা সমস্যাই ভয়াৱহৰূপ ধাৰণ কৰাৰ সময়তে Farezone Travels PVT.LTD নামৰ এটা সন্দেহজনক কোম্পানীৰ নামলৈ বিষয়ববীয়াই চাকৰি দিয়াৰ নামত লুটিলে লাখ লাখ টকা। 

  • Share this:
ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ তিনি চাৰি হাজাৰ শিক্ষিত নিবনুৱা যুৱকৰ পৰা চাকৰি দিয়াৰ নামত সন্দেহজনক কোম্পানীটোৰ পৰিচালন সঞ্চালক প্ৰণয় কুমাৰ বৰুৱা আৰু সমন্বয়ক  ত্ৰিশানীল গগৈ নামৰ যুৱকজনে সৰকালে দুই কোটিৰো অধিক টকা।

কোম্পানীটোত ডাটা এণ্টি অ'পাৰেটৰ হিচাপে ডিব্ৰুগড় জিলাৰ জয়পুৰৰ ত্ৰিশানীল গগৈ (২০) নামৰ যুৱক জনৰ যোগেদি যোৱা মাৰ্চ এপ্ৰিল মাহত  প্ৰথম যোগদান কৰিছিল প্ৰায় ৪০০-৫০০ যুৱকে। যোগদান কৰা প্ৰতিজনৰ পৰা ত্ৰিশানীলে যোগদানৰ মাছুল হিচাপে লৈছিল ৭৫০০ টকাকৈ। প্ৰথম দুমাহ তেওঁলোকক ১৩ হেজাৰ টকাকৈ দৰমহা আদায় দিছিল।

ঘৰতে বহি ট্ৰেভেল এজেঞ্চী কিছুমানৰ ডাটা এণ্টি কৰাটোৱেই আছিল কাম। দৰমহা লাভ কৰা দেখি ইয়াৰ পিছতে চেইন চিষ্টেমত কোম্পানীটোত যোগদান কৰিলে ডিব্ৰুগড় জিলাৰ তিনি হেজাৰৰো অধিক যুৱকে। বাঢ়িল " জয়নিং ফীজ"। নতুনকৈ যোগদান কৰা প্ৰতিজন যুৱকে  ত্ৰিশানীলক জয়নিং ফীজ হিচাপে আদায় দিছিল ৮,৫০০ ৰ পৰা ১১ হেজাৰ টকাকৈ। সেই হিচাপত দুই কোটিৰো অধিক ধন সংগ্ৰহ কৰিছিল কেৱল ডিব্ৰুগড় জিলাৰ পৰাই।

তিনিচুকীয়া জিলাতো একেদৰে বহু যুৱকৰ পৰা সংগ্ৰহ কৰিছিল ধন। কিন্তু যোৱা আগষ্ট - ছেপ্তেম্বৰৰ পৰা ডাটা এণ্টি অ'পাৰেটৰ হিচাপে যোগদান কৰা এজনকো আদায় দিয়া নাই  দৰমহা। কামো বন্ধ। বৰঞ্চ ২০ অক্টোবৰৰ পৰা অন্তৰ্ধান হযৈ আছে জয়পুৰৰ ত্ৰিশানীল। লক্ষণীয় যে আগষ্ট,  ছেপ্টেম্বৰত দৰমহা লাভ নকৰাত ত্ৰিশানীলক যুৱকসকলে ঘেৰাও কৰাৰ লগতে আৰক্ষীয়েও মাতি নিছিল থানালৈ।

ফলত অক্টোবৰৰ প্ৰথম সপ্তাহত এখন দলিলত ত্ৰিশানীলে স্বাক্ষৰ কৰি যোৱা ৩০ অক্টোবৰৰ ভিতৰত সকলোকে দৰমহা আদায় দিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু ২০ অক্টোবৰতে ডিব্ৰুগড় এৰি পৰিয়াল সহ  পলায়ন কৰে ত্ৰিশানীল গগৈ নামৰ ২০ বছৰীয়া যুৱকজন। ইপিনে দিল্লীত মূখ্য কাৰ্যালয় থকা বুলি কোৱা উক্ত সন্দেহজনক কোম্পানীটোৰ সঞ্চালক হিচাপে ফটোৰে পৰিচয় কৰাই দিয়া প্ৰণয় কুমাৰ বৰুৱা নামৰ ব্যক্তিজনৰো নাই কোনো সন্ধান।

শনিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা জনাইছে ভুক্ত ভোগী বহু কেইজন যুৱকে। বৰ্তমান টকা হেৰুৱাই পানীত হাঁহ নচৰা অৱস্থা হোৱা যুৱক সকলে তৰিছে গোচৰ। চাকৰিৰ নামত জাল পেলাই হাজাৰ হাজাৰ নিৱনুৱাৰ মূৰ খোৱা দুষ্ট চক্ৰটোক শীঘ্ৰে কৰা‌‌য়ত্ত কৰাৰো আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: November 7, 2020, 9:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading