অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ (Dibrugarh Double Murder) মূল অভিযুক্ত ৰাজীৱ চুক্ৰাং। মঙলবাৰে নিশা আৰক্ষীয়ে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে পলাতক ৰাজীৱ চুক্ৰাঙক। নিজ পত্নীক হত্যা কৰাৰ লগতে আন এজন লোককো হত্যা কৰি পলায়ন কৰিছিল ঘাটক ৰাজীৱ চুক্ৰাঙে।
নিজ পত্নীৰ সৈতে সুধীৰ গগৈক অসংযত অৱস্থাত দেখাৰ বাবেই হত্যাৰ দৰে কঠোৰ সিদ্ধান্ত ললে ৰাজীৱ চুক্ৰাঙে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈয়ে চাঞ্চল্যকৰ ভাষ্য ডাবল মাডাৰৰ মূল অভিযুক্ত ৰাজিৱ চুক্ৰাঙৰ। জঘন্য হত্যাকাণ্ড পোহৰলৈ অহাৰ ১২ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পলাতক ৰাজীৱ চুক্ৰাঙক। নিশা শদিয়া আৰক্ষী সহযোগত গ্ৰেপ্তাৰ কৰিছে ডাবল মাডাৰৰ মূল অভিযুক্ত ৰাজীৱ চুক্ৰাঙক।
বৰ্তমান ডিব্ৰুগড় সদৰ থানাত জেৰা চলি আছে অভিযুক্ত ৰাজীৱ চুক্ৰাঙৰ। হত্যাকাৰী ৰাজীৱ চুক্ৰাঙে গাড়ী চলাই নিজ গৃহলৈ উভতি অহাৰ পিছতেই ঘৰৰ গৰাকী সুধীৰ গগৈৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰাত হাত-ভৰি বান্ধি এখন ৰুটি বনোৱা টাৱাৰে মৰিয়াই নিশংসভাৱে হত্যা কৰিছিল।
ডিব্ৰুগড় বৈৰাগীমঠ মলখুবচা কছাৰীগাৱত ডাবল মাডাৰৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। সুধীৰ গগৈ নামৰ লোকজনৰ লগতে তেওঁৰ বাসগৃহলৈ ভাড়াতীয়া হিচাপে নতুনকৈ অহা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। সুধীৰ গগৈৰ মৃতদেহ নিজৰ শোৱনী কোঠাত উদ্ধাৰ হোৱাৰ বিপৰীতে একেটা ঘৰৰে আন এটা কোঠাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল।
আৰক্ষীয়ে তৎপৰতাৰে তদন্ত কৰি শদিয়াৰ পৰা হত্যাকাৰী ৰাজীৱ চুংক্ৰাঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো অত্যধিক মদ্যপানৰ বাবেই সংঘটিত হোৱা বুলি অৱগত কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|