• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam HS Results 2022: উচ্চতৰ মাধ্যামিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ত চাৰিটা "A"ৰ সাফল্য

Assam HS Results 2022: উচ্চতৰ মাধ্যামিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ত চাৰিটা "A"ৰ সাফল্য

আয়মান চোৱেবে নিটৰ (NEET) ৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ কথা প্ৰকাশ কৰিছে ।

আয়মান চোৱেবে নিটৰ (NEET) ৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ কথা প্ৰকাশ কৰিছে ।

আয়মান চোৱেবে নিটৰ (NEET) ৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ কথা প্ৰকাশ কৰিছে ।

  • Share this:
ডিব্ৰুগড়ত চাৰিটা "A"ৰ সাফল্য । আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ চাৰিগৰাকী কৃতী ছাত্ৰীয়ে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। আটাইকেইগৰাকী নামৰ প্ৰথম আখৰ A।

ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ পৰা বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিছে অলংকৃতা গৌতম বৰুৱা আৰু পঞ্চম স্থান লাভ কৰিছে আয়মান চোৱেবে। ডিব্ৰুগড়ৰ ড° ৰাধাকৃষ্ণ স্কুলৰ পৰা ষষ্ঠ স্থান লাভ কৰে অভিলাষা দত্তই আৰু অন্তৰিক্ষা মজুমদাৰে দশম স্থান লাভ কৰিছে (DIBRUGARH HS RESULT) ।

ডিব্ৰুগড় চহৰৰ টেকেলা চিৰিং গাঁৱৰ মূলাগাভৰু পথ নিৱাসী তথা জলসম্পদ বিভাগৰ কৰ্মচাৰী গৌতম কৌশিক বৰুৱা আৰু গৃহিণী ৰঞ্জন শইকীয়া বৰুৱাৰ কন্যা অলংকৃতাই ২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল।

আজৰি সময়ত কিতাপ পঢ়ি ভাল পোৱা অলংকৃতাৰ ভৱিষ্যত পৰিকল্পনা হৈছে এগৰাকী সু-চিকিৎসক হোৱাৰ। শিক্ষাগুৰুৰ পৰামৰ্শ অনুসৰি শিক্ষান্ত পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিছিল অলংকৃতাই। ইফালে অলংকৃতাৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটো (Assam HS Results 2022) ।

বিজ্ঞান শাখাত পঞ্চম স্থান লাভ কৰা তিনিচুকীয়া মাকুমৰোডস্থিত সিদ্ধামৰ নিৱাসী তথা ব্যৱসায়ী পিতৃ চোহেইব আহমেদ আৰু গৃহিণী মাতৃ সৱনম চোহেইবৰ কন্যা আয়মান চোৱেবে নিটৰ (NEET) ৰ কাৰণে প্ৰস্তুতি চলাই থকাৰ কথা প্ৰকাশ কৰিছে ।

কঠোৰ অধ্যয়নে শিক্ষাৰ্থী জীৱনক সফল কৰি তোলাত সহায় কৰে বুলি মন্তব্য আয়মানৰ।ডিব্ৰুগড় আমোলাপট্টিস্থিত ড০ ৰাধাকৃষ্ণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েঞ্চৰ ছাত্ৰী শিক্ষাৰ্থী অভিলাষা দত্তই বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰিছে। লক্ষীমপুৰ জিলাৰ কে বি ৰোডৰ জীয়ৰী অভিলাষাই ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন পুহি ৰখাৰ কথা প্ৰকাশ কৰিছে।

২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অভিলাষাই সপ্তম স্থান কৰিবলৈ সক্ষম হৈছিল। অভিলাষাৰ পিতৃ অলক কুমাৰ দত্ত হৈছে সহকাৰী পৰিস‌ংখ্যা বিষয়া আৰু মাতৃ পল্লৱিকা দত্ত হৈছে এগৰাকী গৃহিণী। এইগৰাকী কৃতী ছাত্ৰীৰ কৃতিত্বত বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়। ইফালে একেখন শিক্ষানুষ্ঠানৰে অন্তৰিক্ষা মজুমদাৰে বিজ্ঞানত দশম স্থান লাভ কৰিছে।

চহৰখনৰ আমোলাপট্টিস্থিত নিৱাসী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগৰ অধ্যাপক ড০ দিলীপ মজুমদাৰ আৰু ডিব্ৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ জ্যোতিমা ফুকনৰ কন্যা অন্তৰিক্ষাই চিকিৎসক অথবা অভিযন্তা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। 
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি