News18 AssamNews18 Assam
|
News18-Assam Updated:July 25, 2020, 11:00 AM IST
২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বৃহত্ আঘাত কংগ্ৰেছ দলত
২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বৃহত্ আঘাত কংগ্ৰেছ দলত
২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বৃহত্ আঘাত কংগ্ৰেছ দলত। একেলগে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলাৰ ৩৬ গৰাকী সক্ৰিয় NSUI কৰ্মীয়ে। দলৰ বিসম্বাদ আৰু শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ দলত্যাগ কৰিলে আটাইকেইজন নেতাই। আনকি সদ্য পদত্যাগী নেতা কেইজনে কংগ্ৰেছ দলৰ বিৰুদ্ধে স্বজন-তোষণৰ অভিযোগ উত্থাপিত কৰিছে।
ইফালে সম্পাদক জয়দীপ গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, দলৰ পৰা অব্যাহতি লোৱা কৰ্মী সকলে বিজেপি দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। একেলগে ৩৬ গৰাকী NSUI ৰ কৰ্মী দলটোৰ পৰা পদত্যাগ কৰাত এতিয়া একপ্ৰকাৰ শূন্য হৈ পৰিলে ডিব্ৰুগড় জিলা সমিতি। ফলত অনাগত নিৰ্বাচনত ডিব্ৰুগড় জিলাত কংগ্ৰেছ দলটো যে, বিপদৰ সন্মুখীন হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত।
Published by:
Himangshu Bhuyan
First published:
July 25, 2020, 11:00 AM IST