সত্‍কাৰৰ সময়তে চিঞৰি উঠিল এটি দেৱশিশু! মৃত্যুৰ পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ

News18 Assam | News18-Assam
Updated:November 10, 2020, 4:40 PM IST
সত্‍কাৰৰ সময়তে চিঞৰি উঠিল এটি দেৱশিশু! মৃত্যুৰ পিছত দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ
প্ৰতীকী ফটো

শিশুৰ মৃত্যুক লৈ আজিও উত্তপ্ত ডিব্ৰুগড়ৰ লাহোৱাল।

  • Share this:
এজন ভুৱা চিকিৎসকে মৃত ঘোষণা কৰিছিল এটি দেৱশিশু। কিন্তু প্ৰায় চাৰি ঘণ্টা মৃত বুলি পেলাই থোৱাৰ পিছত ৰীতি-নীতি অনুসৰি সৎকাৰ কৰাৰ সময়তে পুনৰ জীৱিত বুলি প্ৰমাণিত হোৱাত উন্নত চিকিৎসাৰ বাবে AMCHলৈ নিয়া হৈছিল শিশুটিক। কিন্তু অসম চিকিত্‍সা মহাবিদ্যালয়লৈ নিয়াৰ সময়তে মৃত্যু ঘটিছিল শিশুটিৰ। ইয়াৰ পাছতেই উত্তপ্ত হৈছিল ডিব্ৰুগড় লাহোৱালৰ মটক চাহবাগিচা। দোষী চিকিৎসকক উচিত শাস্তিৰ দাবীত লাহোৱাল আৰক্ষী থানা ঘেৰাও আৰু মটক চাহ বাগিচাৰ হাস্পতাল ঘেৰাও কৰিছিল স্থানীয় লোকে।

যোৱা ৮  নৱেম্বৰত সংঘটিত হৈছিল এই ঘটনা। পাপু মূড়া আৰু নিহা মূড়াৰ দুমহীয়া পুত্ৰ পূৰৱ মূড়াই মাতৃদুগ্ধ পান কৰাৰ সময়ত মুখ আৰু নাকেৰে গাখীৰ ওলাই আহিছিল। পিছত পৰিয়ালৰ লোকে শিশুটিক ততাতৈয়াকৈ মটক চাহ বাগিচাৰ হাস্পতাললৈ লৈ গৈছিল। কিন্তু সেইসময়ত বাগানত নাছিল চিকিৎসক। তাৰ বিপৰীতে উপস্থিত থকা কম্পাউণ্টাৰ গৌতম মিত্ৰই শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰিছিল।

পিছত উপায়ন্ত হৈ নিজ গৃহলৈ আনি প্ৰায় চাৰি ঘণ্টাৰ পিছত নীতি নিয়মৰ মাজেৰে  সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে মৃত বুলি ঘোষণা কৰা শিশুটিয়ে কান্দিবলৈ আৰম্ভ কৰে। লগে লগে পৰিয়ালৰ লোকে পুনৰ মটক চাহ বাগিচালৈ লৈ আনে শিশুটিক। আৰু উপস্থিত থকা নাৰ্ছে শিশুটিক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিত্‍সা মহাবিদ্যালয়লৈ নিজাৰ পথতে মৃত্যু হয় শিশুটিৰ।

ইয়াৰ পাছতেই মটক চাহ বাগিচাৰ হাস্পতাল কৰ্তৃপক্ষৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে লাহোৱাল‌। সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দোষী কম্পাউন্টৰ গৌতম মিত্ৰক।
আনহাতে মঙলবাৰে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত শিশুটিৰ মৃতদেহ খান্দি উলিয়াই অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰে।
Published by: Himangshu Bhuyan
First published: November 10, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading