শুকুৰবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দুজন কোৰোণাত আক্ৰান্ত ৰোগীৰ মৃত্যু।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সীমান্ত বুঢ়াগোহাঁই নামৰ এজন লোকজন যোৱা পাঁচদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।
৪৮ বছৰীয়া সীমান্ত বুঢ়াগোহাঁইৰ ঘৰ যোৰহাট জিলাত। ডিব্ৰুগড়ৰ চিৰিংচাপৰিৰ আত্মীয় ঘৰত আলহী খাবলৈ আহোতেই আক্ৰান্ত হৈছিল কোৰোণাত। আনহাতে আজিৰ দিনটোতে কোৰোণাত প্ৰাণ গ'ল দীপক চাহু নামৰ আন এজন লোকৰ। ৪৫বছৰীয়া দীপক চাহুৰ ঘৰ লাহোৱালত। যোৱা ২১ এপ্ৰিলত কৰোণাত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল দীপক চাহু। অৱশ্যে দুয়োজনেই মধুমেহ আৰু আন আন ৰোগত আক্ৰান্ত আছিল বুলি সদৰি কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০সঞ্জীৱ কাকতীয়ে।
বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত ৫০জন কোৰোণাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলাই থকা হৈছে। তাৰেই ৩জন গুৰুতৰ ভাবে অসুস্থ। ইয়াৰ লগতে চিকিৎসা মহাবিদ্যালয়খনত কোৰোণা ৰোগীৰ বাবে ৩০০খন বিচনা সাজু কৰি ৰখা হৈছে।
আনহাতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়তো কোৰোণাৰ আতংক। ১৬ জনকৈ ছাত্র ছাত্ৰীৰ দেহত ধৰা পৰিছে কোৰোণাৰ সংক্ৰমণ। তিনিটাকৈ ছাত্ৰী নিৰ্বাস কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। ইফালে বিশ্ববিদ্যালয়ৰ যি সকল ছাত্র ছাত্ৰীৰ পৰীক্ষা শেষ হৈছে সকলোকে হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|