ডিব্ৰুগড় CJM আদালতে দেখুৱাইছে নিদৰ্শন, কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশনা জাৰি

News18 Assam | News18-Assam
Updated:January 3, 2020, 5:01 PM IST
ডিব্ৰুগড় CJM আদালতে দেখুৱাইছে নিদৰ্শন, কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশনা জাৰি
“যথাসম্ভৱ ব্যৱহাৰ কৰক অসমীয়া ভাষা”; মুখ্য ন্যায়িক দণ্ডাধীশ অভিজত কুমাৰ বৰুৱাৰ নিৰ্দেশ

“যথাসম্ভৱ ব্যৱহাৰ কৰক অসমীয়া ভাষা”; মুখ্য ন্যায়িক দণ্ডাধীশ অভিজত কুমাৰ বৰুৱাৰ নিৰ্দেশ

  • Share this:
ডিব্ৰুগড় জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ কাৰ্যালয়ত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে ৷ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিত কুমাৰ বৰুৱাই বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে ৷


নিৰ্দেশনাটোত কোৱা হৈছে, “ ইয়াৰ দ্বাৰা ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ সকলো কৰ্মচাৰীবৃন্দক কোৱা হয় যে কাৰ্যালয়ৰ সকলো কৰ্মত, যেনে- দৰ্খাস্ত, কাৰ্যালয়ৰ টোকা আদিত চৰকাৰী ভাষা আইন মতে (Assam Official Language Act) (যথা সম্ভৱ) অসমীয়া ভাষা ব্যৱহাৰ কৰক ৷”
আৰু চাওক
পৰৱৰ্তী বাতৰি