• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনৰ ঘটনাত জড়িত যুৱকক গ্ৰেপ্তাৰ, ১২ বছৰীয়া এটি শিশু শ্ৰমিকক নিৰ্মমভাৱে কৰিছিল প্ৰহাৰ

ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনৰ ঘটনাত জড়িত যুৱকক গ্ৰেপ্তাৰ, ১২ বছৰীয়া এটি শিশু শ্ৰমিকক নিৰ্মমভাৱে কৰিছিল প্ৰহাৰ

অবিনাশ গোৱালাই হোটেলৰ সন্মুখত ৰখাই থোৱা মটৰ চাইকেলখন আঁতৰাই থৈছিল হোটেলৰ শিশু শ্ৰমিকজনে। ইয়াতেই খড়গ্হস্ত হৈ লোকজনে শিশুটিক চলাইছিল নিৰ্যাতন।

  • Share this:
ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনৰ ঘটনাত জড়িত অবিনাশ গোৱালা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ।লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। এটি ১২ বছৰীয়া শিশুৰ ওপৰত চলাইছিল বৰ্বৰ আক্ৰমণ। বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত। এই দৃশ্য ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত। আৰক্ষীয়ে লগতে বিকি গুপ্তা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় গ্ৰীনউড চাহ বাগিচাৰ বিকি গুপ্তা নামৰ লোকজনৰ হোটেলতে সংঘটিত হৈছিল উক্ত বৰ্বৰ ঘটনা।

শিশু শ্ৰমিক ৰখোৱাৰ অপৰাধত আৰক্ষীয়ে হোটেলৰ স্বত্বাধিকাৰী বিকি গুপ্তাকো গ্ৰেপ্তাৰ কৰিছে। হোটেললৈ অহা গ্ৰাহক অবিনাশ গোৱালাই হোটেলৰ সন্মুখত ৰখাই থোৱা মটৰ চাইকেলখন আঁতৰাই থৈছিল হোটেলৰ শিশু শ্ৰমিকজনে। ইয়াতেই খড়গ্হস্ত হৈ লোকজনে শিশুটিক চলাইছিল নিৰ্যাতন।

শিশুটিৰ আক্ৰমণ আৰু মৰণকাতৰ চিঞৰ ইতিমধ্যে ভাইৰেল হোৱাৰ পিছতেই ৰাজ্য জুৰি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আক্ৰমণকাৰী আৰু হোটেলৰ স্বত্বাধিকাৰীক।
Published by:Sanjay Kumar Das
First published: