ডিব্ৰুগড়ৰ শিশু নিৰ্যাতন ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযুক্ত ডা০ সিদ্ধিপ্ৰসাদ দেউৰী আৰু ড০ মিতালী কোঁৱৰক বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান। বৃহস্পতিবাৰে লাহোৱালৰ ঘোঁৰামৰা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে ডা০ সিদ্ধিপ্ৰসাদ আৰু মিতালীৰ পুত্ৰ প্ৰিয়াংশু দেউৰী আৰু কুণাল সেনাপতি নামৰ এজন যুৱকক।
নৱনিযুক্ত আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰৰ নেতৃত্বত এটা দলে বৰ্তমান সোধা-পোছা কৰি আছে দুয়োজন যুৱকক। বৰ্তমানো পলাতক অৱস্থাত আছে সিদ্ধিপ্ৰসাদ আৰু তেওঁৰ পত্নী মৰাণ কলেজৰ অধ্যক্ষা মিতালী কোঁৱৰ। দুয়োৰে বিৰুদ্ধে যোৱা ৩১ আগষ্টত গোচৰ ৰুজু কৰা হৈছিল।
উল্লেখযোগ্য যে, উচ্চ শিক্ষিত দম্পতিটোৱে শুই থকা অৱস্থাত ঘৰৰ ১২ বছৰীয়া বনকৰা শিশুৰ দেহত ঢালি দিলে উতলা গৰমপানী। শিশুটিক অত্যাচাৰ কৰা ভিডিঅ’ ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল।
পিছত শিশু কল্যান সমিতিয়ে উচ্চ শিক্ষিত দম্পতিটোৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। কিন্তু এজাহাৰ দাখিলৰ তিনি দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই ডিব্ৰুগড় চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সক ডা০ সিদ্ধিপ্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী মৰাণ কলেজৰ অধ্যক্ষা মিতালী কোঁৱৰৰ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|