
Source-Google
সকলোৱে একেমুখে চিকিত্সক ডা০ সিদ্ধিপ্ৰসাদ আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মিতালী কোঁৱৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।
ডিব্ৰুগড়ৰ বনকৰা শিশু নিৰ্যাতনৰ ঘটনা এতিয়া ব্যাপক ভাবে চৰ্চিত। সকলোৱে একেমুখে চিকিত্সক ডা০ সিদ্ধিপ্ৰসাদ আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ মিতালী কোঁৱৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে। আৰক্ষীয়েও অভিযুক্ত উচ্চ শিক্ষিত দম্পতিটোক বিচাৰি তীব্ৰতৰ কৰি তুলিছে অভিযান। কিন্তু বৰ্তমানো সন্ধানহীন হৈ আছে উচ্চ শিক্ষিত সমাজত আগস্থান লোৱা দম্পতিটো।
বৃহস্পতিবাৰে লাহোৱালৰ পৰা আৰক্ষীয়ে চিকিত্সক ডা০ সিদ্ধি প্ৰসাদৰ পুত্ৰক বন্ধু সহ আটক কৰাৰ পিছত এইবাৰ দেউৰীৰ কন্যা ডা০ উপাসনা দেউৰীক এজন সহকৰ্মীসহ গৌৰীসাগৰত আটক কৰে আৰক্ষীয়ে। মৰাণ আৰক্ষীয়ে গৌৰীসাগৰ আৰক্ষীৰ সহযোগত আটক কৰে ডা০ উপাসনা দেউৰীক ৷ উপাসনাই সহকৰ্মী চিকিৎসক ডা০ সৌৰভ ধৰৰ সৈতে এখন ব্যক্তিগত বাহনত গুৱাহাটীলৈ গৈ আছিল ৷ বৰ্তমান দুয়োকে আটক কৰি ডিব্ৰুগড়লৈ লৈ গৈছে আৰক্ষীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|