• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰাগাৰৰ চৌহদত এতিয়া সেউজ বিপ্লৱ! কয়দীৰ হাতৰ পৰশত জ্বিলিকিছে বাঁহ-বেতৰ আটকধুনীয়া আচবাব

কাৰাগাৰৰ চৌহদত এতিয়া সেউজ বিপ্লৱ! কয়দীৰ হাতৰ পৰশত জ্বিলিকিছে বাঁহ-বেতৰ আটকধুনীয়া আচবাব

কাৰাগাৰৰ চৌহদত এতিয়া সেউজ বিপ্লৱ! কয়দীৰ হাতৰ পৰশত জ্বিলিকিছে বাঁহ-বেতৰ আটকধুনীয়া আচবাব

কাৰাগাৰৰ চৌহদত এতিয়া সেউজ বিপ্লৱ! কয়দীৰ হাতৰ পৰশত জ্বিলিকিছে বাঁহ-বেতৰ আটকধুনীয়া আচবাব

কাৰাগাৰৰ চৌহদত এতিয়া সেউজ বিপ্লৱ! কয়দীৰ হাতৰ পৰশত জ্বিলিকিছে বাঁহ-বেতৰ আটকধুনীয়া আচবাব

  • Share this:
কাৰাগাৰ মানেই নহয়, শাস্তিৰ দিন পৰা কৰা ঠাই। বহু অপৰাধীৰ আত্মসংশোধনৰো অন্যতমস্থলী হৈ পৰে কাৰাগাৰ তথা জে’ল। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত সম্প্ৰতি একাংশ কয়দীয়ে নিজকে সংশোধন কৰি গঢ়ি তুলিছে কৰ্ম-সংস্কৃতি ৷

অপৰাধ প্ৰৱণতা পাহৰি সৃষ্টিশীল মনক জাগ্ৰত কৰি হস্তশিল্পত মনোনিৱেশেৰে গঢ়ি তুলিছে আন এক মধূময় পথ ৷ বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰত আছে ৪৭২ গৰাকী কয়দী ৷  ইয়াৰে একাংশ কয়দীয়ে বাঁহ-বেত, কাঠ ব্যৱহাৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে স্নান আৰু কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাবোন আদিও প্ৰস্তুত কৰি প্ৰতিভাৰ উমান দিছে । লগতে স্বাৱলম্বী হোৱাৰ পথো প্ৰশস্ত কৰিছে ৷



কয়দীসকলে বাঁহ-বেত ব্যৱহাৰ কৰিয়েই ৱাল ঘড়ী, পানীৰ ফিল্টাৰ, না না প্ৰকাৰৰ ফুলদানী, টেবুল ফেন সদৃশ কাৰ্যক্ষম ঘড়ী, মোবাইল থোৱা বাকচ, শৰাই, ৰংঘৰৰ আৰ্হিৰ স্মাৰক, কাপ,  বাঁহ-বেতৰ ট্ৰে আদি নিৰ্মাণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৷

ইয়াৰ উপৰি কয়দীসকলে নিৰ্মাণ কৰিছে বাঁহৰ বৰটোপ, সজাই থ’ব পৰা আটকধুনীয়া ঘৰ সদৃশ ফুলদানী আদি ৷ কেৱল ইমানেই নহয়, কয়দীসকলে মহিলাসকলে পৰিধান কৰা কাণফুলি, দুগদুগী, চেইন, নেকলেচ আদি সৌন্দৰ্যবৰ্ধনৰ বিভিন্ন আ-অলংকাৰ হাতেৰে নিৰ্মাণ কৰিছে ৷ তদুপৰি একাংশ মহিলা কয়দীয়েও ঊণ-সুতা আদি ব্যৱহাৰ বিভিন্ন প্ৰকাৰৰ টেবুল ক্লথ তৈয়াৰ কৰি উলিয়াইছে ৷ আনহাতে কয়দীসকলে কাৰাগাৰৰ চৌহদতে বিশাল ভূমিত ৰবি শস্যৰ কৃষি কৰ্মতো ব্যস্ত হৈ পৰিছে ৷ লাই, পালেং, কবি, মটৰমাহ আদি পাচলি উৎপাদনৰেৰে কাৰাগাৰ চৌহদক বিশেষ মাত্ৰা প্ৰদান কৰিছে কয়দীসকলে৷



" কাৰাগাৰত কয়দীসকলৰ মন সুস্থিৰ, ধৈৰ্যশীল কৰি তোলাত এনে হস্তশিল্প কৰ্মসমূহে বিশেষ ভূমিকা লয় ৷ এনেবিলাক সৃষ্টিশীল আৰু উৎপাদনমুখী কৰ্মই সলনি কৰিব পাৰে মানুহৰ জীৱনৰ গতিপথ ৷ আমি সেয়েহে এইক্ষেত্ৰত গুৰুত্ব দিও৷’ – এই মত প্ৰকাশ কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসে৷

উল্লেখ্য যে, বিগত বৰ্ষত কয়দীসকলে নিৰ্মাণ কৰা হস্ত শিল্পজাত সামগ্ৰী বিক্ৰী কৰি লক্ষাধিক টকা অসম চৰকাৰৰ নিৰ্দিষ্ট পুঁজিত জমা কৰিছিল ৷ কয়দীসকলে কৰা এনে কামৰ বাবে নিৰ্দিষ্ট পাৰিশ্ৰমিক লাভ কৰে বুলিও জনাইছে ৷
Published by:Himangshu Bhuyan
First published: