ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত পাঞ্জাৱৰ বিচ্ছিন্নতাবাদী খালিস্তানী ৰখাৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰত কঠোৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। আজি অসম আৰক্ষীৰ মহা পৰিদৰ্শক(IGP) প্ৰশান্ত কুমাৰ ভূঞা, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতা মিশ্রা, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ ডিব্ৰুগড় আৰক্ষীৰ এটা দলো মহাপৰিদৰ্শক গৰাকীৰ লগত কাৰাগাৰ পৰিদৰ্শন কৰে ( pro-Khalistan leaders in Dibrugarh Jail) ।
প্ৰায় ঘন্টাজুৰি মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাসহ আৰক্ষীৰ দলটোৱে কাৰাগাৰ পৰ্যবেক্ষণ কৰে। কেন্দ্রীয় কাৰাগাৰখনত সংযোজন কৰা হৈছে ৭টা চিচি টিভি। খালিস্তানী বিদ্ৰোহীসকল থকা কক্ষৰ সন্মুখত সংযোজন কৰা হৈছে এই কেমেৰাসমূহ। আন বিকল চি চি টিভি কেমেৰাসমূহো ঠিক কৰা হৈছে কাৰাগাৰখনত (security in and around Dibrugarh jail in Assam)।
ইফালে চিকিৎসকৰ দলো দেখা গৈছে কেন্দ্রীয় কাৰাগাৰত। এজন চিকিৎসকসহ নাৰ্ছেও আজি কাৰাগাৰত প্ৰৱেশ কৰে। কোঠাসমূহৰ নিৰাপত্তাৰ দিশত অধিক কটকটীয়া ব্যৱস্থাৰ লগতে পৰ্যাপ্ত সা-সুবিধাও প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে। লক্ষণীয় যে কেন্দ্রীয় কাৰাগাৰৰ বাহিৰত চৌপাশে থ্ৰী লেয়াৰ ছিকিউৰিটী ব্যৱস্থাৰে ২৪ ঘণ্টাই তহল দিয়া দেখা গৈছে। ইয়াৰ লগতে ৰিক্সাই ৰিক্সাই লৈ যোৱা হৈছে শাক-পাচলি তথা খাদ্য আদি।
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 17:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।