• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিব্ৰুগড়ৰ বিজেপি নেতাৰ পত্নীয়ে কৰিলে জীৱন ত্যাগ, কি ক’লে আৰক্ষীয়ে?

ডিব্ৰুগড়ৰ বিজেপি নেতাৰ পত্নীয়ে কৰিলে জীৱন ত্যাগ, কি ক’লে আৰক্ষীয়ে?

ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে

ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে

ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে

  • Share this:
ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড় বিজ্পিৰ যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসৰ পত্নী তৰা দাসে কৰিলে জীৱন ত্যাগ। ডিব্ৰুগড়ৰ বাণীপুৰসিস্থিত নিজ বাসগৃহৰ শোৱনী কোঠাত মহিলাগৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

কিয় মহিলাগৰাকীয়ে কৰিলে জীৱন ত্যাগঃ

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অসম চিকিত্‍সা মহাবিদ্যালয়ললৈ প্ৰেৰণ কৰিছে। কোঠাটোত কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই। আৰক্ষীয়ে প্ৰাথমিক তদন্তত আত্মহত্যা বুলিয়ে জনাইছে।

উল্লেখ যোগ্য যে, মৃত্যুৰ সময়ত তৰা দাসে স্বামী, একমাত্ৰ কন্যা সন্তান আৰু শহুৰ-শাহুৰক এৰি থৈ যায়। জানিব পৰা মতে, তৰা দাসে ঘটনা সংঘটিত কৰাৰ সময়ত স্বামী  নয়ন দাস কাষৰে এটা কোঠাত শুই আছিল। ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
First published: