ডিব্ৰুগড়ত বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আজি ডিব্ৰুগড়ত দেখা গৈছে তীব্ৰ প্ৰতিবাদ। অভিযুক্তক কৰায়ত্ত কৰা দাবীত আৰু আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ। ডিব্ৰুগড়ত প্ৰতিবাদ চলি থকাৰ সময়তে অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক। ডিব্ৰুগড় আৰক্ষীৰ তথ্যৰ ভিত্তিত লামডিং আৰক্ষীয়ে আজি বিয়লি লামডিং ষ্টেচনত অভিযান চলাই দুই অভিযুক্তক কৰায়ত্ত কৰিবলৈ হৈছে সক্ষম।
বিজ্ঞাপন
লামডিঙত আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ যৌথ অভিযানত নামনিমুৱা লিডু এক্সপ্ৰেছত গ্ৰেপ্তাৰ হৈছে দুই অভিযুক্ত ক্ৰমে নিশান্ত শৰ্মা আৰু বাইদুলা খান। আনহাতে, এতিয়াও পলাতক হৈ আছে সঞ্জয় শৰ্মা নামৰ আন এটা অভিযুক্ত। সম্প্ৰতি লামডিং আৰক্ষীৰ জিম্মাত থকা ধৃত অভিযুক্ত দুজনক কিছু সময় পিছত ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লৈ যাব বুলি আৰক্ষীয়ে কৰিছে প্ৰকাশ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :