ভেলেণ্টাইন ডেৰ দিনা নিশা ডিব্ৰুগড় ৰাজপথত এচিড ঢালি আক্ৰমণ কৰা অভিযুক্তক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পঞ্চাশ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।পুৱতিনিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল লোকজন।
ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোণোৱালৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পাষণ্ডটো। অভিযুক্ত বুদ্ধদেৱ দাসৰ ঘৰ ডিব্ৰুগড়ৰ শান্তিপাৰাত।
উল্লেখযোগ্য যে দেওবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টীত এগৰাকী যুৱতীক এচিড ঢালি আক্ৰমণ কৰিছিল। ডিব্ৰুগড়ৰ শ্ব’হাম শ্বপিং মলত কৰ্মৰত মহিলাগৰাকী নিজ কৰ্মস্থলীৰ পৰা গৈ থাকোতে সংঘটিত কৰে এই ভয়ানক কাণ্ড। অসম চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।
পৰিয়ালৰ লোকৰ অভিযোগ মতে, দীৰ্ঘদিন শান্তিপাড়াৰ লোকজনে বিবাহৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু প্ৰত্যাখ্যান কৰি অহাৰ বাবেই এই কাণ্ড সংঘটিত কৰা বুলি অনুমান কৰা হৈছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|