ডিব্ৰুগড়ত যুৱতীক এচিড ঢালি আক্ৰমণ কৰা অভিযুক্ত এজনক গ্ৰেপ্তাৰ। অভিযুক্ত বুদ্ধদেৱ দাস (৫০) ওৰফে এপেল দাসক নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষীয়ে। ডিব্ৰুগড় নগৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া আৰু আমোলাপট্টী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপ সোণোৱালৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ বুদ্ধদেৱ দাসক। অভিযুক্ত বুদ্ধদেৱ দাসৰ ঘৰ ডিব্ৰুগড়ৰ শান্তিপাৰাত।
ভেলেণ্টাইন দিৱসৰ দিনা ডিব্ৰুগড়ত এচিড আক্ৰমণৰ চিকাৰ হৈছিল এগৰাকী যুৱতী। ৩২ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই এচিডেৰে আক্ৰমণ কৰা হৈছিল ডিব্ৰুগড়ৰ চহৰৰ মাজমজিয়াত।
ডিব্ৰুগড়ৰ আমোলাপট্টী আৰক্ষী চকীৰ অধীনৰ মিৰ্জ্জাবাগৰ সমীপত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, যুৱতীগৰাকীয়ে লগৰীয়াৰ সৈতে দেওবাৰে নিশা নিজা কৰ্তব্যস্থলী শ্ব'হামৰ পৰা নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত বাইকত অহা দুবৃৰ্ত্তই যুৱতীগৰাকীক নিচেই কাষৰ পৰা এচিড ঢালি পলায়ন কৰে। লগে লগে মাটিত বাগৰি পৰে যুৱতীগৰাকী। পিছত যুৱতীগৰাকীক স্থানীয় ৰাইজৰ সহযোগত অসম মেডিকেল কলেজত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|