உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • কিয় স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে ৰঞ্জিতাই? Dibrugarh Universityৰ ছাত্ৰী নিৱাসৰ ঘটনাকলৈ চাঞ্চল্য

    কিয় স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে ৰঞ্জিতাই? Dibrugarh Universityৰ ছাত্ৰী নিৱাসৰ ঘটনাকলৈ চাঞ্চল্য

    ৰঞ্জিতা বিশ্ববিদ্যালখনৰ দৰ্শন বিভাগৰ ছাত্ৰী। ঘটনাৰ দিনা ক্লাচলৈ যোৱা নাছিল মেধাৱী ছাত্ৰীগৰাকী।

    ৰঞ্জিতা বিশ্ববিদ্যালখনৰ দৰ্শন বিভাগৰ ছাত্ৰী। ঘটনাৰ দিনা ক্লাচলৈ যোৱা নাছিল মেধাৱী ছাত্ৰীগৰাকী।

    ৰঞ্জিতা বিশ্ববিদ্যালখনৰ দৰ্শন বিভাগৰ ছাত্ৰী। ঘটনাৰ দিনা ক্লাচলৈ যোৱা নাছিল মেধাৱী ছাত্ৰীগৰাকী।

    • Share this:
    কিয় স্ব-ইচ্ছাই জীৱন ত্যাগ কৰিলে ৰঞ্জিতা ছেত্ৰীয়ে? মঙলবাৰে বিশ্ববিদ্যালয়ৰ আইদেউ সন্দিকৈ ছাত্ৰী নিৱাসৰ আৱাসী ছাত্ৰী ৰঞ্জিতা ছেত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বিশ্ববিদ্যালয়খনত। আত্মহত্যা কৰাৰ দুদিন পূৰ্বে ঘৰৰ পৰা আহিছিল ৰঞ্জিতা।

    ৰঞ্জিতা বিশ্ববিদ্যালখনৰ দৰ্শন বিভাগৰ ছাত্ৰী। ঘটনাৰ দিনা ক্লাচলৈ যোৱা নাছিল মেধাৱী ছাত্ৰীগৰাকী। পিছত ৰুমমেটে ক্লাচৰ পৰা আহি ৰুমৰ দৰ্জা বন্ধ হৈ থকা প্ৰত্যক্ষ কৰে। পিছত বাহিৰৰ পৰা বহু সময় মাত দিয়াৰ পিছতো ৰঞ্জিতাই মাত নিদিয়াত সন্দেহ ওপজে হোষ্টেলৰ অন্য আৱাসীসকলৰ।

    ঘটনা পোহৰলৈ অহাৰ পিছত হোষ্টেল কৰ্তৃপক্ষই ছাত্ৰীগৰাকীৰ অভিভাৱকক খবৰ দিয়ে। অন্যান্য আৱাসীয়ে কোৱা মতে, আন দিনাৰ দৰে সেইদিনাও ৰঞ্জিতা সাধাৰণ ভাবেই আছিল। মুখতো কোনোধৰণৰ চাপ ধৰিব পৰা নাছিল। ৰঞ্জিতাৰ এনে মৃত্যু এতিয়া মানি ল'ব পৰা নাই ছাত্ৰীসকলে। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: