কোন যুৱতীৰ ভাড়াঘৰলৈ নিশা সঘন অহা-যোৱা চলিছিল দিবন ডেকাৰ? ভাড়াঘৰৰ মালিকৰ বিস্ফোৰক মন্তব্য

News18 Assam | News18-Assam
Updated:October 2, 2020, 7:05 PM IST
কোন যুৱতীৰ ভাড়াঘৰলৈ নিশা সঘন অহা-যোৱা চলিছিল দিবন ডেকাৰ? ভাড়াঘৰৰ মালিকৰ বিস্ফোৰক মন্তব্য
পঞ্চায়ত আৰু গ্ৰামেন্নয়ন বিভাগত যুৱতীগৰাকীক চাকৰি দিছিল কুখ্যাত দিবনে!

পঞ্চায়ত আৰু গ্ৰামেন্নয়ন বিভাগত যুৱতীগৰাকীক চাকৰি দিছিল কুখ্যাত দিবনে!

  • Share this:
যোৰহাটৰ সৈতে কি সম্পৰ্ক আছে দিবন ডেকাৰ? যোৰহাটত দীঘলীয়া সময় পাৰ কৰিছিল দিবন ডেকাই। তৰাজানৰ এটা বাসগৃহলৈ সঘন অহা যোৱা আছিল অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ। এগৰাকী যুৱতীৰ ভাড়াঘৰলৈ প্ৰায়ে আহি নিশা কটাইছিল দিবন ডেকাই।

যোৰহাটৰ  ভাড়াঘৰটোত থকা যুৱতীগৰাকীয়ে নিজকে চিনাকী দিছিল দিবন ডেকাৰ সম্বন্ধীয় ভগ্নী বুলি। গুৱাহাটীৰ যুৱতীগৰাকীয়ে লাভ কৰিছিল ‘পঞ্চায়ত আৰু গ্ৰামোন্নয়ন’ বিভাগত চাকৰি। বৰ্তমান যোৰহাটত সৰৱ চৰ্চা চলিছে দিবন ডেকাৰ যোৰহাটলৈ অহা যোৱাকলৈ।

সম্পৰ্কীয় ভনীয়েক বুলি পৰিচয় দিয়া যুৱতীগৰাকীৰ ভাড়াঘৰলৈকে বিগত সময়চোৱাত বহুবাৰ আহিছে দিবন ডেকা। যোৰহাটলৈ আহিলে যুৱতীগৰাকী থকা ঘৰটোতেই থাকে দিবন ডেকা। এই কথা পোহৰলৈ অহাৰ পিছত দিবন ়ডেকাৰ সন্দৰ্ভত কিছু কথা জানিবলৈ যুৱতীগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও, কোনো ধৰণৰ সঁহাৰি নজনালে যুৱতীগৰাকীয়ে।

এতিয়া ঘৰৰ মালিকে কৰিছে বিশেষ মন্তব্য!

‘দিবন ডেকা আগতে সঘনাই আহিছিল। তাৰ পিছত মাহত এবাৰমান আহিছিল। যোৰহাটলৈ আহিলে নিশা এই ভাড়াঘৰটোতে থাক । তেওঁ প্ৰায়ে নিশা পলমকৈ আহে।’- এনেদৰে কয় ঘৰৰ মালিকে।

বৰ্তমান বহুতৰে মনলৈ প্ৰশ্ন আহিছে যে, কেৱল SI চাকৰিয়েই নহয়, পূৰ্বে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চাকৰিটো অনিয়ম সংঘটিত হৈছিল নেকি বা এই নিযুক্তি প্ৰক্ৰিয়াৰ সৈতে দিবন ডেকাৰ দৰে ব্যক্তিৰ সম্পৰ্ক আছিল নেকি?  ইতিমধ্যে এই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিছে।

আনহাতে শেহতীয়াকৈ যোৰহাটত বিশেষ চৰ্চা লাভ কৰিছে দুখন ধাবাই। নিযুক্তি কেলেংকাৰী আৰু যোৰহাটৰ দুখন ধাবা আৰু তাত বহা বিশেষ বৈঠকক কেন্দ্ৰ কৰি সৰৱ চৰ্চা অব্যাহত আছে বিভিন্ন মহলত। কিন্তু এনে বহু প্ৰশ্নৰ উত্তৰ, আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by: Himangshu Bhuyan
First published: October 2, 2020, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading