SI কেলেংকাৰী : দ্বিবন ডেকাক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ লৈ অহা হয় দ্বিবনক৷
আৰক্ষীয়ে জিম্মাত লোৱাৰ পিছতে অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ লৈ অহা হয় দ্বিবনক৷
- News18 Assam
- Last Updated: October 1, 2020, 5:16 PM IST
দ্বিবন ডেকাক গ্ৰেপ্তাৰৰ পিছতে বুধবাৰে নিশা লৈ অহা হয় আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ ৷ নিশাটো আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় দ্বিবন ডেকাক৷
কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ৰ পৰা পোনে পোনে লৈ অহা হয় দ্বিবনক৷ আদালতত হাজিৰ কৰোৱাৰ সময়ত দ্বিবনক ৭ দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে৷ বিপৰীতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। ৫ দিনৰ অন্তত পুনৰ হাজিৰ কৰিব লাগিব আদালতত৷