ৰাস উৎসৱ বুলিলেই ৰাজ্যৰ চৌপাশে বিৰাজ কৰে উখল-মাখল পৰিৱেশ।আধ্যাত্মিকতাৰ সমান্তৰালকৈ সাংস্কৃতিক পৰিৱেশে জীপাল কৰে বিশেষকৈ সত্ৰ নগৰী বৰপেটা, নলবাৰী, মাজুলী আদিৰ পৰিৱেশ।ব্যতিক্ৰম নহয় চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাই সাৰ্বজনীন ৰংগমঞ্চৰ পৰিৱেশো।সন্ধিয়া হলেই শ্ৰীকৃষ্ণ ৰাসলীলাৰ আখৰাত ব্যস্ত হৈ পৰে এদল কলা-কুশলী।
বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিৱেষ্টিত অঞ্চলটোত বছৰ বছৰ ধৰি উদযাপন কৰি আহিছে ৰাস উৎসৱ। এইবছৰো ব্যতিক্ৰম নহয় চফ্ৰাই সাৰ্বজনীন ৰাস মহোৎসৱ।এইবাৰ ৭৫তম হীৰক জয়ন্তী বৰ্ষ উপলক্ষে চফ্ৰাই মোহন গাঁও ৰজাপুখুৰী সাৰ্বজনীন বৰনামঘৰ প্ৰাংগণত ৰাইজৰ লগতে কলা-কুশলীৰ সীমাহীন ব্যস্ততা।বিভিন্ন জাতি-জনগোষ্ঠীৰ এদল কলা-কুশলী এই আখৰাত ব্যস্ত।
ৰাসলীলাৰ বাবে একাগ্ৰতাৰে আয়ত্ত কৰিছে ৰাসৰ নৃত্য-অভিনয়। অভিজ্ঞ পৰিচালকৰ তত্ত্বাৱধানত সাজু হৈ উঠিছে ১৮ আৰু ১৯ নৱেম্বৰত হ'বলগীয়া ৰাস উৎসৱত ৰাসলীলা পৰিৱেশনৰ বাবে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|