ছচিয়েল মিডিয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰশংসা অভিনেত্ৰী দিয়া মিৰ্জাৰ

অভিনেত্ৰী গৰাকীয়ে টুইটৰ জৰিয়তে সাংসদ বৰদলৈক কৰিলে প্ৰশংসা।

News18-Assam
Updated:July 5, 2019, 3:39 PM IST
ছচিয়েল মিডিয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰশংসা অভিনেত্ৰী দিয়া মিৰ্জাৰ
অভিনেত্ৰী গৰাকীয়ে টুইটৰ জৰিয়তে সাংসদ বৰদলৈক কৰিলে প্ৰশংসা।
News18-Assam
Updated: July 5, 2019, 3:39 PM IST
হঠাত্‍ ছচিয়েল মিডিয়াত নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰশংসাৰে ওপচালে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই।লোকসভাৰ মজিয়াত প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ অবৈধ কয়লা খননৰ বিষয়টো উত্থাপন কৰাৰ পিছতে ৰাজনৈতিক মহলৰ লগতে বলীউদতো লাভ কৰিছে বিশেষ চৰ্চা। লোকসভাত এনেধৰণৰ এক স্পৰ্শকাতৰ বিষয় উত্থাপন কৰাৰ বাবে বৰদলৈক বিশেষভাৱে ধন্যবাদ জনালে অভিনেত্ৰী দিয়া মিৰ্জাই। নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সাংসদ প্ৰদ্যুৎ বৰদলৈক প্ৰশংসা কৰি অভিনেত্ৰী দিয়া মিৰ্জাই কয় যে এই গুৰুত্বপূৰ্ণ বিষয়টো উত্থাপন কৰাৰ বাবে প্ৰদ্যুৎ বৰদলৈক ধন্যবাদ। আমি সকলোৱে দেশত জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বণ্যপ্ৰাণী সুৰক্ষাক  অগ্ৰাধিকাৰ দিব লাগে। লগতে অভিনেত্ৰীগৰাকীয়ে ৰাজ্যত অবৈধভাৱে চলি থকা কয়লাৰ খনন কাৰ্য বন্ধ কৰিব লাগে বুলিও টুইটটোৰ জৰিয়তে উল্লেখ কৰে।


Thank you for raising this matter of national concern @pradyutbordoloi! Protection and conservation of our biodiversity/wildlife should and must be a national priority. These are necessary steps of #ClimateAction and illegal #CoalMining in our forests MUST stop. @moefcc @PMOIndia https://t.co/Il9eZ2f1nK



— Dia Mirza (@deespeak) July 4, 2019

আৰু চাওক পৰৱৰ্তী বাতৰি