ৰাজ্যৰ অন্যন্য প্ৰান্তৰ লগতে ধুবুৰীতো কাঠফুলাৰ দৰে গঢ়ি উঠিছে স্বয়ম্ভু পোৰ্টেল সাংবাদিক। এইবাৰ ধনদাবী কৰি ৰাইজৰ ৰোষত পৰিল ৱেব পোৰ্টেলৰ এজন সাংবাদিক। নাম আনিছুৰ আলী! এগৰাকী যুৱতীৰ অশ্লীল ভিডিও ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী কৰি এতিয়া ৰঙাঘৰৰ আলহী আনিছুৰ।
যুৱতীৰ পিতৃৰ পৰা এক লাখ টকা ধনদাবী কৰি ধন নিবলৈ আহোতেই ৰাইজে আটক কৰি লপাথপা দিয়ে আনিছুৰক।উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰত STAR NE নামেৰে এটা ৱেব পৰ্টেল খুলি দীৰ্ঘদিন ধৰি বিভিন্ন জনক ভয় ভাবুকিৰে ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল আনিছুৰৰ লগতে পৰ্টেলটোৰ সৈতে জড়িত কেইজনমান যুৱকৰ বিৰুদ্ধে।জানিব পৰা মতে, যোৱা ১৫ নৱেম্বৰত ধুবুৰীৰ নিউঘাট অঞ্চলৰ এগৰাকী ছাত্ৰীক অপহৰণ কৰা হৈছিল। যুৱতীগৰাকীৰ পিতৃয়ে এই অপহৰণ কাণ্ডৰ লগত আনিছুৰ আলীও জড়িত থকাৰ অভিযোগ আনিছিল। পিছত আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে যদিও এটা অশ্লীল ভিডিও ভাইৰেল কৰাৰ ভয় দেখুৱাই আনিছুৰে যুৱতীগৰাকীৰ পিতৃৰ পৰা ১ লাখ টকা দাবী কৰি আহিছিল।
আৰু অৱশেষত দাবী কৰা এক লাখ টকা নিবলৈ আহি ধুবুৰী চহৰৰ হৰিসভা মোৰত ৰাইজৰ ৰোষত পৰিল স্বয়ম্ভু সাংবাদিক আনিছুৰ। পিছত যুৱতীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে আনিছুৰক আটক কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|