সহজ ৰাস্তাৰে টকা ঘটাৰ বুদ্ধি! মৌলানাই ৰচনা কৰিলে অপহৰণৰ নাটক। পিছে দক্ষিণ শালমৰা মানকাচৰ জিলা আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰতে অন্ত পেলালে অপহৰণৰ নাটক খন।
উল্লেখযোগ্য যে, সুখচৰ থানা এলেকাৰ খলছেমাৰী গাওঁৰ ছাইফুল ইছলাম নামৰ ইমাম এজন যোৱা ১৬ জুন তাৰিখে সুখচৰ দলঙৰ পৰা অপহৰণ হোৱা বুলি খবৰ বিয়পি পৰাত সমগ্র অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছিল। পৰিয়ালৰ লোকেও দাবী কৰিছিল অপহৰণ হোৱাৰ কথা। ঘটনাক লৈ সুখচৰ থানাত দাখিল কৰা হৈছিল এজাহাৰ।
কিন্তু সেয়া আছিল এক বৃহৎ নাটক। হাটশিঙিমাৰীৰ সুখচৰত ২৪ ঘন্টীয়া এইখন অপহৰণৰ নাটকৰ সফল সামাপ্তি ঘটিল বুধবাৰে। এয়া অপহৰণ নাছিল, শহুৰেকৰ পৰা টকা লোৱাৰ স্বাৰ্থত নিজকে আত্মগোপন কৰাৰ বুদ্ধি পাতিছিল ভণ্ড মৌলানা ছাইফুল। আৰক্ষীৰ অভিযোজনত উদ্ধাৰ হহয় ছািফুল।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে, আত্মগোপন কৰি শহুৱেকৰ ঘৰৰ পৰা ধন লোৱাৰ উদ্দেশ্যে এইখন নাটক ৰচনা কৰিছিল ছাইফুলে।
ইতিমধ্যে জিলা আৰক্ষীয়ে ছাইফুলক গ্ৰেপ্তাৰ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই জানিবলৈ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|