
শাৰদীয় দূৰ্গা পূজা লৈ মাজত মাত্ৰ দুসপ্তাহ বাকী থকা অৱস্থাত পূজাৰ সময়ত ৰাইজক চমক দিবলৈ সাজু বহু শিল্পী
শাৰদীয় দূৰ্গা পূজা লৈ মাজত মাত্ৰ দুসপ্তাহ বাকী থকা অৱস্থাত পূজাৰ সময়ত ৰাইজক চমক দিবলৈ সাজু বহু শিল্পী
জ্যোতিৰ্ম্ময় চক্ৰৱৰ্তী: শাৰদীয় দূৰ্গা পূজা লৈ মাজত মাত্ৰ দুসপ্তাহ বাকী থকা অৱস্থাত পূজাৰ সময়ত ৰাইজক চমক দিবলৈ বিভিন্ন শিল্পী আৰু পূজা কমিটিয়ে নিজ নিজ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ধুবুৰীৰ শিল্পী সঞ্জীব বসাকে পেলনীয়া বৈদ্যুতিক তাঁৰেৰে ১২ ফুট উখ দূৰ্গা প্ৰতিমা নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলাই আছে ।
![]()
চৰকাৰী ডিজেষ্টাৰ মেনেজমেণ্ট বিভাগৰ কৰ্মচাৰী সজ্ঞীব বসাকে কৰা এনে ব্যতিক্ৰমী কাম এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও শিল্পী জনে জুইশলাৰ কাঠি ,বাঁহ, বেত, থৰ্মোকলেৰে বিভিন্ন সামগ্ৰীৰে প্ৰতিমা নিৰ্মাণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|