মুখ্যপৃষ্ঠা » খবৰ

» অসম

»১৩৪ বছৰীয়া ধুবুৰীৰ হৰিসভাৰ পূজা মণ্ডপত এইবাৰ ব্যতিক্ৰমী আয়োজন

১৩৪ বছৰীয়া ধুবুৰীৰ হৰিসভাৰ পূজা মণ্ডপত এইবাৰ ব্যতিক্ৰমী আয়োজন

News18 Assam | News18-Assam
Updated:October 23, 2020, 6:59 PM IST
১৩৪ বছৰীয়া ধুবুৰীৰ হৰিসভাৰ পূজা মণ্ডপত এইবাৰ ব্যতিক্ৰমী আয়োজন
আজি মহা সপ্তমী। পুৱাৰ পৰাই পৰম্পৰাগত ভাবে চলিল পূজাৰ মাংগলিক কাম-কাজ। ১৩৪ বছৰ পুৰণি ধুবুৰী হৰিসভা পূজা মণ্ডপো ইয়াৰ ব্যতিক্ৰম নহয়।

আজি মহা সপ্তমী। পুৱাৰ পৰাই পৰম্পৰাগত ভাবে চলিল পূজাৰ মাংগলিক কাম-কাজ। ১৩৪ বছৰ পুৰণি ধুবুৰী হৰিসভা পূজা মণ্ডপো ইয়াৰ ব্যতিক্ৰম নহয়।

  • Share this:
আজি মহা সপ্তমী। পুৱাৰ পৰাই পৰম্পৰাগত ভাবে চলিল পূজাৰ মাংগলিক কাম-কাজ। ১৩৪ বছৰ পুৰণি ধুবুৰী হৰিসভা পূজা মণ্ডপো ইয়াৰ ব্যতিক্ৰম নহয়। চৰকাৰে ঘোষণা কৰা কোভিড প্ৰট’কল পালন কৰি পূজাৰ আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত হৰিসভাত।

ধুবুৰী চহৰৰ সাৰ্বজনীন দুৰ্গা পূজাৰ ভিতৰত প্ৰাচীন দুৰ্গা পূজা এই হৰিসভা দুৰ্গা পূজা। ইয়াৰ পূৰ্বে কেৱল ধুবুৰীৰ দত্তবাড়িৰ দুৰ্গা পূজা চহৰখনত হৈছিল বুলি লোক মুখে প্ৰচাৰিত।
কিন্তু ধুবুৰী হৰিসভা দুৰ্গা পূজাৰ মূল আকৰ্ষণ তথা জিলাখনৰ ভিতৰতে একমাত্র ঢাক প্ৰতিযোগিতা ধুবুৰী হৰিসভাত বছৰ বছৰ ধৰি অনুষ্ঠিতহৈ আহিছিল। দশমীৰ দিনা পুৱাই দেৱী বিৰ্সজনৰ ঠিক পিছতে এই ঢাক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছিল।

কিন্তু এই বছৰ কোভিড প্ৰট’কলৰ বাবে ১৩৪ বছৰ পুৰণি এই পৰম্পৰা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বুলি হৰিসভা কমিটীৰ সম্পাদক প্ৰদীপ দেৱে জানিবলৈ দিয়ে। প্ৰদীপ দেৱে কয় যে, এই বছৰ কেৱল নিয়ম-নীতিখিনিৰ বাহিৰে পূজাত আন কোনো ধৰণৰ কাৰ্য্যসূচী লোৱা নহ’ব। কাৰণ হৰিসভা ধুবুৰীৰ প্ৰাচীনতম পূজা আৰু ইয়াত অসংখ্য লোকৰ সমাগম হয়।গতিকে কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
Published by: Himangshu Bhuyan
First published: October 23, 2020, 6:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি