১৪ বছৰীয়া সুখৰ ঘৰ সংসাৰ এৰি চিকিৎসক স্বামীয়ে পত্নীক এৰি কৰিলে পলায়ন। ধুবুৰীৰ জোঁৱাই তথা বৰ্তমান বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসকৰ বিৰুদ্ধে পত্নীয়ে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে সবত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
চিকিৎসকজনৰ বিৰুদ্ধে প্ৰবঞ্চনা কৰাকে ধৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে। অভিযোগ অনুসৰি, বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত, তালগুৰি পঞ্চগাঁৱৰ বাসিন্দা ডাঃ ৰুবুল আহমেদে কেইবামাহ ধৰি ধুবুৰী জিলাৰ হালাকুৰা অঞ্চলৰ বটেৰহাটৰ ৰাজ্যিক চিকিৎসালয়ত কৰ্মৰত আছিল। আনকি ধুবুৰী জিলাৰে চুমানা ইয়াছমিন ওৰফে মৰমীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ প্ৰায় ১৪ বছৰলৈকে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে সংসাৰ চলি আছিল যদিও যোৱা জানুৱাৰী মাহত নিজ পত্নী চুমানা ইয়াছমিনক একো নজনোৱাকৈ চিকিৎসক স্বামী ৰুবুল আহমেদে ধুবুৰীৰ ভাৰাঘৰৰ পৰা পলাই যায়।
বহুবাৰ স্বামীৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিও বিফল হয় মহিলাগৰাকী। আৰু শেষত বটেৰহাটৰ ৰাজ্যিক চিকিৎসালয়ৰ ফালৰ পৰা ডাঃ ৰুবুল আহমেদ বদলি হৈ বঙাইগাঁওৰ অসামৰিক চিকিৎসালয়ত যোগদান কৰা বুলিও পত্নীয়ে জানিব পাৰে। কেৱল ইমানেই নহয়,দীৰ্ঘদিনৰ পৰা পত্নীৰ চকুত ধুলি মাৰি কৰ্মৰত হাস্পতালখনৰ ওচৰৰে হানি বেগম নামৰ এগৰাকী মহিলাৰ লগত ডাঃ ৰুবুলৰ অবৈধ সম্পৰ্কও গঢ় লৈ উঠিছিল বুলি জানিব পাৰে পত্নীয়ে।
আৰু অৱশেষত চুমানা ইয়াছমিনে উপায়ন্ত হৈ স্বামী ডা: ৰুবুল আহমেদৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|