ধুবুৰী জিলাৰ কোভিড আক্ৰান্ত ৰোগীক ফোনযোগে পৰামৰ্শ দিয়াৰ বাবে আৰু কোভিড আক্ৰান্তৰ অভিযোগ নিৰাময়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ জিলাখনৰ ছটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সুকীয়া আৰু উৎসৰ্গিত ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে, যাতে ৰোগীয়ে ফোনযোগে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে ৷ কোভিড ৰোগীৰ অভিযোগ খণ্ডনৰ বাবেও বিশেষ ফোন নম্বৰৰ ব্যৱস্থা কৰা হৈছে ৷ আজি জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে অভিযোগ গ্ৰহণ আৰু পৰামৰ্শ প্ৰদানৰ বাবে স্থাপিত ব্যৱস্থাৱলী মুকলি কৰে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, ধুবুৰী জিলাৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালককে ধৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে ৷
ৰোগীৰ অভিযোগ খণ্ডনৰ বাবে ফোন নম্বৰ ৯৩৯৫০৮১২৬৬ আৰু প্ৰতিষেধক সম্পৰ্কীয় তথ্যৰ বাবে আন এটা উৎসৰ্গিত ফোন নম্বৰ ৮৩৯৯৮১৮৪৪১ৰ ব্যৱস্থা কৰাৰ লগতে টুইটাৰ আৰু ফেচবুকযোগেও অভিযোগ দাখিলৰ ব্যৱস্থা কৰা হৈছে ৷ 'National Health Mission Dhubri' নামৰ ফেচবুক পেজ আৰু '@DhubriNhm' নামৰ টুইটাৰ হেণ্ডেলত ৰোগীয়ে অভিযোগ দিব পাৰিব ৷
আনহাতে কোভিড ৰোগীয়ে পৰামৰ্শ ল'বৰ বাবে ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৯৩৯৫০৫৯৫৭১ বা ৯৩৯৫০৭২৪০৫ নম্বৰত, গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৯৩৯৫০৬৩৪৩০ বা ৯৩৯৫০৪৮০৭২ নম্বৰত, হালাকুৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৯৩৯৫০৪৪১৩৬ বা ৯৩৯৫০৪৫৮৪৫ নম্বৰত, ৰাণীগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৯৩৯৫০৫৬৫৯৯ বা ৯৩৯৫০৬৮৫১৪ নম্বৰত, চাপৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৯৩৯৫০৭২২৯৯ বা ৯৩৯৫০৭০৯৬৮ নম্বৰত আৰু ধুবুৰী আৰবানত ৯৩৯৫০৮০২৫১ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|