ধুবুৰীৰ জ্বলকীয়া মানৱক চিনি পাইনে? আপোনালোকে এনে কাম নকৰিব, পুৰিব– আহ্বান জ্বলকীয়া মানৱৰ

‘মানুহে ভোক লাগিলে ভাত খায় কিন্তু মই জলকীয়াও খাওঁ! কিমান জলকীয়া খাৱ পাৰিম সেয়া পেটৰ ভোকৰ ওপৰত নিৰ্ভৰ কৰে৷’

News18-Assam
Updated:August 27, 2019, 6:08 PM IST
ধুবুৰীৰ জ্বলকীয়া মানৱক চিনি পাইনে? আপোনালোকে এনে কাম নকৰিব, পুৰিব– আহ্বান জ্বলকীয়া মানৱৰ
‘মানুহে ভোক লাগিলে ভাত খায় কিন্তু মই জলকীয়াও খাওঁ! কিমান জলকীয়া খাৱ পাৰিম সেয়া পেটৰ ভোকৰ ওপৰত নিৰ্ভৰ কৰে৷’
News18-Assam
Updated: August 27, 2019, 6:08 PM IST
এটা বিশেষ গুণৰ বাবে বহু বছৰৰ পৰাই ৰাইজৰ মাজত চৰ্চিত ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ এজন যুৱক ৷ জলকীয়াৰ জ্বলা অনুভৱ নকৰে গোলকগঞ্জৰ সোনাখুলি দ্বিতীয় খণ্ড গাঁৱৰ দিলীপ কুমাৰ বৰুৱা নামৰ ৩৯ বছৰীয়া লোকজনে। পেচাত তেওঁ এগৰাকী কৃষক।

ভোট জ্বলকীয়াই হওক, বা অইন জলকীয়া অনায়াসে খাব পাৰে তেখেত ৷ সানিব পাৰে চকু, মুখমণ্ডলত ৷ আনকি জলকীয়া খাওঁতে অথৱা মুখমণ্ডলত সানোতে এটুপি পানীৰো প্ৰয়োজন নহয় বৰুৱাৰ৷



নিজৰ এই অসাধাৰাণ কৰ্ম সম্পৰ্কত বৰুৱাই কয় যে,‘ ৫ বছৰৰ বয়সৰ পৰাই এই বিশেষ গুণৰ উমান পাইছিলোঁ ৷ তেতিয়াৰ পৰাই মই জলকীয়া খাই আহিছোঁ ৷ মানুহে ভোক লাগিলে ভাত খায়, মই জলকীয়াহে খাও৷ কিমান জলকীয়া খাৱ পাৰিম সেয়া পেটৰ ভোকৰ ওপৰত নিৰ্ভৰ কৰে৷ জলকীয়া খালে জ্বলা নেলাগে মোৰ" ৷

জিলাখনত "জ্বলকীয়া মানৱ" বুলি পৰিচিত যুৱকজনৰ ৰাইজলৈ আহ্বান- "মই জ্বলা নাপাও। শাৰিৰীক অসুৱিধাও নহয়, সেয়েহে খাও৷ কিন্তু আপোনালোক এই চেষ্টা নকৰিব, শাৰীৰিক ভাৱে ক্ষতি কৰিব পাৰে৷"

 

জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ প্ৰতিবেদন

 
আৰু চাওক পৰৱৰ্তী বাতৰি