মুখ্যপৃষ্ঠা »খবৰ »অসম »Dhubri accident: তীব্ৰ বেগেই কাল হ'ল নেকি ? ধুবুৰীৰ শোকাৱহ পথ দুৰ্ঘটনাত ২ ছাত্ৰী আৰু এজন ছাত্ৰৰ মৃত্যুত গৌৰীপুৰত শোকৰ ছাঁ ...

Dhubri accident: তীব্ৰ বেগেই কাল হ'ল নেকি ? ধুবুৰীৰ শোকাৱহ পথ দুৰ্ঘটনাত ২ ছাত্ৰী আৰু এজন ছাত্ৰৰ মৃত্যুত গৌৰীপুৰত শোকৰ ছাঁ ...

Dhubri accident: ঘৰৰ পৰা ওলাইছিল বিদ্যালয়ৰ সৰস্বতী পূজা চাম বুলি কিন্তু আহিল নশ্বৰ দেহ। ধুবুৰীৰ শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰৰ মৃত্যুৰ পিছত গৌৰীপুৰত শোকৰ ছাঁ ... 

Dhubri accident: ঘৰৰ পৰা ওলাইছিল বিদ্যালয়ৰ সৰস্বতী পূজা চাম বুলি কিন্তু আহিল নশ্বৰ দেহ। ধুবুৰীৰ শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰৰ মৃত্যুৰ পিছত গৌৰীপুৰত শোকৰ ছাঁ ... 

  • Share this:
বাগদেৱীৰ বন্দনাৰ মাজতে ধুবুৰী-গৌৰীপুৰ সংযোগী ঘাইপথত ভয়ংকৰ দূৰ্ঘটনাত সাত জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলৰ চাৰিচকীয়া বাহনে খুন্দিয়ালে ৰৈ থকা মটৰ চাইকেল আৰু ট্ৰাকক । এতিয়ালৈ নিহতৰ সংখ্যা তিনি আৰু  আহতৰ সংখ্যা চাৰি।

বৃহস্পতিবাৰে বাগদেৱীৰ বন্দনাৰ দিনটোতে সংঘটিত হোৱা এই শোকাৱহ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে ধুবুৰীকে ধৰি পাৰ্শ্বৱৰ্তী গৌৰীপুৰত। ঘটনাৰ বিৱৰণী অনুসৰি কালি গৌৰীপুৰৰ পৰা ধুবুৰীলৈ এখন বগা ৰঙৰ আৰ্টিগা বাহনেৰে ধুবুৰীলৈ আহিছিল নিৰ্মালী চৌধুৰী, শিৱাংগী ৰায়, ৰিয়া সাহা, জেনিফাৰ ইয়াচমিন, ৰিয়াত হুছেইন, জাহিদূল ইছলাম আৰু মহিদ ইছলাম নামৰ ৭জনীয়া এটি ছাত্ৰ-ছাত্ৰীৰ দল। পূজা চাই দলটোৱে দিনৰ প্ৰায় তিনি বজাত ধুবুৰীৰ পৰা গৌৰীপুৰলৈ উভতাৰ সময়ত সংঘটিত হয় সেই ভয়ংকৰ শোকাৱহ দুৰ্ঘটনা।

ছাত্ৰ-ছাত্ৰীৰ দলটোৱে অহা এএছ ১৭জে ৫২২৪ নম্বৰৰ চাৰিচকীয়া বাহনখন তীব্ৰ বেগত নিয়ন্ত্ৰণ হেৰুৱাই ধুবুৰী আৰু গৌৰীপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মদৰেগোলা নামৰ অঞ্চল এটাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পাৰ্কিং কৰা অৱস্থাত থকা দুখনকৈ মটৰ চাইকেলক প্ৰথমে খুন্দা মাৰি আগত ৰৈ থকা এখন ট্ৰাকৰ পিছপিনে গৈ প্ৰচণ্ড শব্দৰে খুন্দা মাৰে। দুৰ্ঘটনাৰ বিকট শব্দ শুনা পাই অঞ্চলটোৰ ৰাইজ আৰু প্ৰত্যক্ষদৰ্শীৰ সহযোগত বাহনখনত থকা ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও নিৰ্মালী চৌধুৰী (১৬) আৰু শিৱাংগী ৰায় (১৪) নামৰ ছাত্ৰী দুৰাকীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।

আনহাতে আন চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৩ গৰাকীৰ গুৰুতৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সেই কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়ে উপস্থিত চিকিৎসকে।
সেই মৰ্মে পৰিয়ালৰ লোকে আহতৰ ভিতৰত দুগৰাকীক গুৱাহাটীলৈ নিয়াৰ বিপৰীতে মহিদ ইছলামৰ অৱস্থা অতি সংকটজনক দেখা পাই চুবুৰীয়া পশ্চিমবংগৰ কোচবিহাৰৰ মিছন হস্পিতাললৈ নিয়ে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ইছলামৰ। দুৰ্ঘটনাটো পতিত হোৱা আটাইকেইগৰাকীৰে ঘৰ ধুবুৰীৰ গৌৰীপুৰত। এই ঘটনাটোৱে তেওঁলোকৰ পৰিয়াল বৰ্গৰ লগতে ধুবুৰী আৰু গৌৰীপুৰতো শোকৰ ছাঁ পেলাইছে আৰু কিয় দিনৰ পোহৰত অকষ্মাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া আৰক্ষীৰ তদন্তত উন্মোচিত হোৱাটো কামনা কৰিছে বহুতেই। আনহতে স্বৰস্বতী পূজাৰ দিনত ৰাজপথত বাইক আৰু গাড়ীৰ সমগ্ৰ দিন ধৰি চলি থকা উদ্ভণ্ডালিৰ পিছতো পৰিবহন বিভাগ আৰু যানবাহন আৰক্ষীৰ নিস্কৃয়তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰিছে। শিক্ষাৰ্থী তিনিগৰাকীৰ মৃতদেহ মৰোনত্তোৰ পৰীক্ষাৰ পিছত ঘৰত উপস্থিত হোৱাৰ লগে লগে পুনৰ এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

শেহতীয়া বাতৰি