বানৰ সুযোগত ব্ৰহ্মপুত্ৰৰে অবাধ গৰুৰ সৰবৰাহ, আৰক্ষীক দেখি চোৰাং বেপাৰীয়ে ডুবাই দিলে গৰু ভৰ্তি নাও

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে অশেষ চেষ্টা চলাই নৈৰ মাজৰ পৰা এখন নাওঁ সহিত ৫৬টাকৈ গৰু জব্দ কৰাৰ লগতে তিনিটা SMUGGLER ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল।
ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে অশেষ চেষ্টা চলাই নৈৰ মাজৰ পৰা এখন নাওঁ সহিত ৫৬টাকৈ গৰু জব্দ কৰাৰ লগতে তিনিটা SMUGGLER ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল।
- News18 Assam
- Last Updated: August 8, 2020, 5:26 PM IST
কিন্তু ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে অশেষ চেষ্টা চলাই নৈৰ মাজৰ পৰা এখন নাওঁ সহিত ৫৬টাকৈ গৰু জব্দ কৰাৰ লগতে তিনিটা SMUGGLER ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল।

ধুবুৰীৰ উপ আৰক্ষী অধিক্ষক ত্ৰিনয়ন ভূঞাই বৰ্ণনা কৰা মতে গোপন সূত্ৰৰ ভিত্তিত তথা ধুবুৰীৰ নৱনিযুক্ত আৰক্ষী অধিক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশত নিশা ব্ৰহ্মপুত্ৰ নৈ চলোৱা হৈছিল অভিযান।খৱৰ আছিল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সুযোগ গ্ৰহন কৰি বাংলাদেশলৈ চোৰাং ভাবে পঠোৱা হব দুই নাও গৰু।

উক্ত আভিযানত এখন নাওৰ লগতে মজিবৰ ৰহমান, হবিবুল্লাহ আৰু আৰ্শাদ আলী নামৰ তিনিজনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে দক্ষিণ শালমাৰা থানাত 253/2020 গোচৰ ৰুজু কৰি সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে বিগত এটা সপ্তাহত ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সাতজনকৈ চোৰাং বেপাৰীৰ লগতে নগদ প্ৰায় ছয় লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে।