ধুবুৰী জিলাৰ গৌৰীপুৰ শিক্ষা খণ্ডৰ মাজেৰ আলগা চতুৰ্থ খণ্ড এলপি স্কুলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিদ্যালয়ৰ ৰান্ধনী গৃহত উতলি থকা ডাইলত পৰিল এগৰাকী শিশু। জানিব পৰা মতে, দুপৰীয়াৰ আহাৰ খাবলৈ গৈ এদল ছাত্ৰ- ছাত্ৰীয়ে ৰন্ধনী ঘৰত প্ৰৱেশ কৰিছিল। দুগৰাকীকৈ ৰান্ধনীয়ে প্ৰস্তুত কৰি আছিল দুপৰীয়াৰ মধ্যহ্ন ভোজনৰ আহাৰ। সেই সময়ত এদল ছাত্র- ছাত্ৰীয়ে খাদ্য বিচাৰি ঠেলা হেঁচা আৰম্ভ কৰে। আৰু ঠেলা হেঁচাৰ মাজতে ওচৰৰে হজৰত আলীৰ পুত্ৰ মিজানুৰ ৰহমান নামৰ ৮ বছৰীয়া ছাত্র জন উতলা দাইলৰ কেৰাহীত পৰি যায়।
পিছত গুৰুতৰ ভাবে আহত হোৱা শিশুটিক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি ৰন্ধন ঘৰটোত আন দিনাৰ দৰেই আজিও এদল ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ মাতি নিছিল ৰান্ধনীয়ে। ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। অভিযোগ অনুসৰি বিদ্যালয় খনত ১৩০ গৰাকী ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে আছে মাথোন ২০/২৫টা থালি। যাৰ বাবে ৰন্ধন ঘৰত ২০/২৫ জনকৈ ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ দিয়া হয়। ফলস্বৰূপে প্ৰতিদিনে ছাত্র -ছাত্ৰীৰ মাজত আৰম্ভ হয় ঠেলা হেঁচা।
বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল কৰিম সেখৰ অৱহেলাৰ বাবে এই অৱাঞ্জিত ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে অভিভাৱকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|