ধুবুৰীত দুৰ্গা পূজাক কেন্দ্ৰ কৰি অথন্তৰ, কো‍ভিড টেষ্ট কৰিবলৈ অমান্তি পুৰোহিত সমাজ

News18 Assam | News18-Assam
Updated:October 18, 2020, 12:14 PM IST
ধুবুৰীত দুৰ্গা পূজাক কেন্দ্ৰ কৰি অথন্তৰ, কো‍ভিড টেষ্ট কৰিবলৈ অমান্তি পুৰোহিত সমাজ
পুৰোহিতসকলৰ এই সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পূজা কমিটীসমূহৰ মাজত।

পুৰোহিতসকলৰ এই সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পূজা কমিটীসমূহৰ মাজত।

  • Share this:
শাৰদীয় সাৰদীয় দুৰ্গা পূজাৰ বাবে পুৰোহিতে কোভিড টেষ্ট কৰিবলৈ অসন্মত হোৱাত ধুবুৰী আৰু গৌৰীপুৰত পূজা কমিটীসমূহ বৰ্তমান বিপাঙত পৰিছে। কাৰণ দুৰ্গা পূজাৰ মাত্ৰ এদিন অথবা দুদিন পূৰ্বে অৰ্থাৎ চতুৰ্থী অথবা পঞ্চমীৰ দিনা কোভিড টেষ্ট কৰিলে বিপদত পৰিব পাৰে পুৰহিতৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোক। সেইবাবে প্ৰয়োজনত টেষ্ট কৰিবলগীয়া হ’লে পূজা নকৰাৰো কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব পাৰে বুলি মন্তব্য কৰিছে ধুবুৰীৰ পুৰোহিত সমাজে।

পুৰহিত সমাজৰ হৈ পিনাকী চক্ৰৱৰ্তীয়ে কয় যে বিগত লকডাউনৰ সময়ত ছমাহে কাম কাজ নোহোৱাকৈ বহি আছিলো।বৰ্তমানে দুৰ্গা পূজা, লক্ষী পূজা কৰি পৰিয়াল চলাম বুলি ভাবিছিলো কিন্তু এতিয়া কোৰোণা পজিটিভ ওলালে আমি পথত বহি যাম।

আনহাতে, পুৰোহিত সমাজৰ চৰকাৰলৈ প্ৰশ্ন কেৱল পুৰহিতৰ টেষ্ট কৰিব, কিন্তু পূজালৈ অহা ভক্তৰ ক্ষেত্ৰত চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? তেনেক্ষেত্ৰত ভক্তৰ দেহত যদি কোৰোণা থাকে তেন্তে কি ব্যৱস্থা ল’ব চৰকাৰ তথা প্ৰশাসনে বুলি প্ৰশ্ন উৎথাপন কৰে ব্ৰাহ্মণ সমাজৰ উপদেষ্টা জগেশ্বৰ শৰ্মাই।

আনহাতে, পুৰোহিতসকলৰ এই সিদ্ধান্তই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে পূজা কমিটীসমূহৰ মাজত। তেনেক্ষেত্ৰত জিলা প্ৰশাসনক উক্ত বিষয়ত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ আহ্বান জনাইছে ধুবুৰী দুৰ্গা পূজা সমন্বয়ৰক্ষী সমিতিৰ যুটীয়া সম্পাদক উত্তম প্ৰসাদে।

ইপিনে, তেনেক্ষেত্ৰত সোমবাৰৰ ভিতৰত দুৰ্গা পূজাৰ পুৰোহিতৰ পূজা কৰা–নকৰাৰ সিদ্ধান্ত সাল সলনি নহ’লে এইবেলি শাৰদীয় পূজাক লৈ এক বৃহৎ বেমেজালিৰ সৃষ্টি হ’ব পাৰে বুলি বহুতেই ক’ব বিচাৰে।
Published by: Sanjay Kumar Das
First published: October 18, 2020, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading