ধুবুৰী আৰক্ষীৰ মহান পদক্ষেপ, গুৱাহাটীৰ পৰা নি যোগান ধৰিলে ঔষধ

News18 Assam | News18-Assam
Updated:May 3, 2020, 11:26 PM IST
ধুবুৰী আৰক্ষীৰ মহান পদক্ষেপ, গুৱাহাটীৰ পৰা নি যোগান ধৰিলে ঔষধ
চৰকাৰে ঘোষণা  কৰা লকডাউনৰ পিছৰ পৰাই বিপদত পৰিছিল পৰিয়ালটো।

চৰকাৰে ঘোষণা  কৰা লকডাউনৰ পিছৰ পৰাই বিপদত পৰিছিল পৰিয়ালটো।

  • Share this:
সমগ্ৰ দেশতে কোৰোণা ভাইৰাছে এক ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে দেশজুৰি গঢ়ি উঠিছে মানৱ সেৱাৰ বহু উৎকৃষ্ট উদাহৰণ। এই ক্ষেত্ৰত পিছপৰি থকা নাই ধুবুৰী জিলা আৰক্ষী। কোৰোণাৰ দুৰ্যোগৰ সময়ত অসমত ঔষধৰ হোম ডেলিভাৰীৰ প্ৰথম সূচনা কৰিছিল ধুবুৰী আৰক্ষীয়ে। জিলাখনত বিভিন্ন অঞ্চলৰ দুৰাৰোগ্য ৰোগীৰ অতি প্ৰয়োজনীয়  ঔষধ আৰক্ষীয়ে  যোগান ধৰি আছে বিগত প্ৰায় তিনি সপ্তাহৰ পৰা। তেনে এক মহান উদাহৰণ পুনৰ দাঙি ধৰিলে আৰক্ষীয়ে।

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা সুনীল পালৰ(৭৭) পত্নী বাসন্তী পাল(৫৬) যোৱা প্ৰায় ১০ বছৰৰ পৰা বৃক্ক ৰোগত ভুগি থকাৰ লগতে যোৱা এবছৰৰ পৰা নিজ গৃহতে হোম  ডায়েলাইছিছ চলি আছিল। কিন্তু  চৰকাৰে ঘোষণা  কৰা লকডাউনৰ পিছৰ পৰাই বিপদত পৰিছিল পৰিয়ালটো। কাৰণ ৰেড জ’ন জিলা ধুবুৰীৰ পৰা ওলাই গৈ  হোম ডায়েলাইছিছত প্ৰয়োজন হোৱা ঔষধ গুৱাহাটীৰ পৰা  আনিব পৰা নাছিল পৰিয়ালটোৱে।

তেনেক্ষেত্ৰত তেওঁলোকৰ পুত্ৰ সুমন পালে বিগত এটা সপ্তাহত বিভাগীয় নীতি–নিয়ম অনুসৰি গুৱাহাটীৰ পৰা ঔষধ আনিবৰ বাবে অনলাইনত  আবেদন কৰিও বিফল হৈছিল। কাৰণ ৰেড জ’নৰ পৰা কোনো ব্যক্তিগত বাহনলৈ গুৱাহাটী যোৱাৰ অনুমতি প্ৰদান কৰা নাছিল জিলা প্ৰশাসনে।

এনে সময়তে ভুক্তভোগী পৰিয়ালৰ লোকে স্থানীয় সংবাদ কৰ্মীৰ হতুৱাই সমগ্র ঘটনা  ধুবুৰী আৰক্ষীৰ DSP ত্ৰিনয়ন ভূঞাক অৱগত কৰে। লগে লগে ধুবুৰী আৰক্ষীয়ে ঘটনাৰ গুৰুত্ব অনুভৱ কৰি গুৱাহাটীৰ পৰা নিজা বাহন পঠিয়াই ভুক্তভোগী পৰিয়ালটোলৈ প্ৰয়োজনীয় ঔষধ আনি সময়ৰ ভিতৰতে যোগান ধৰি মহানুভবতাৰ পৰিচয় দিয়ে। উক্ত ঘটনাৰ বাবে স্থানীয় ৰাইজে  আৰক্ষী আৰু সংবাদ কৰ্মীসকলৰ ভূয়সী  প্ৰশংসা কৰে।
First published: May 3, 2020, 11:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি