এই নতুন ঢৌত এতিয়ালৈকে ধুবুৰী জিলাত মুঠ ৫৮১জন আক্ৰান্ত হৈছে কোভিডত।
এই নতুন ঢৌত এতিয়ালৈকে ধুবুৰী জিলাত মুঠ ৫৮১জন আক্ৰান্ত হৈছে কোভিডত।
ধুবুৰীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিড পজিটিভ ৰোগীৰ সংখ্যা। দিনক দিনে জটিল হোৱাৰ উপক্ৰম হৈছে কোভিড পৰিস্থিতি। চৰকাৰ তথা স্বাস্থ্য বিভাগে কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই অহাৰ সময়তে ধুবুৰী জিলাত সোমবাৰে পুনৰ ২২৬ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰে।
ধুবুৰীৰ পাণবাৰী কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষক, ছাত্ৰ-ছাত্ৰী সহ মুঠ ২০২ গৰাকীক পৰীক্ষা কৰাত তাৰ ভিতৰত ৩৯জন কোভিড পজিটিভ ধৰা পৰে। পিছত জিলা প্ৰশাসনে বিদ্যালয়খনক কণ্টেইনমেণ্ট জোন ঘোষণা কৰে। সোমবাৰৰ পৰা ৭ দিনলৈ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ধুবুৰী জিলা প্ৰশাসনে। এই নতুন ঢৌত এতিয়ালৈকে ধুবুৰী জিলাত মুঠ ৫৮১জন আক্ৰান্ত হৈছে কোভিডত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|