ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক পাৰভিজুৰ ৰহমান (৪৭) আৰু নাই। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিক গৰাকীৰ। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি আছিল সাংবাদিকগৰাকী।
আজি GMCH ত চিকিৎসাধীন অৱস্থাত ৩:১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। প্ৰতিদিন টাইমৰ ধুবুৰীৰ সংবাদাতা আছিল পাৰভিজুৰ ৰহমান। মৃত্যুৰ সময়ত তেওঁৰ পত্নী আৰু এজন পুত্ৰ সন্তান এৰি থৈ যায়। সাংবাদিকগৰাকীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে ধুবুৰীত।
Published by: Kokil Sarma
FIRST PUBLISHED : September 01, 2022, 17:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।