মুখ্যপৃষ্ঠা »খবৰ »অসম »ধুবুৰীত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাহনৰ ভয়াবহ দুৰ্ঘটনা ! দুজন পৰীক্ষাৰ্থী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তিনিজন সামান্য আঘাতপ্ৰাপ্ত

ধুবুৰীত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাহনৰ ভয়াবহ দুৰ্ঘটনা ! দুজন পৰীক্ষাৰ্থী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে তিনিজন সামান্য আঘাতপ্ৰাপ্ত

ধুবুৰী এ এমকো ৰোডত ই-ৰিক্সাৰ লগত আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ।

ধুবুৰী এ এমকো ৰোডত ই-ৰিক্সাৰ লগত আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ।

ধুবুৰী এ এমকো ৰোডত ই-ৰিক্সাৰ লগত আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ।

  • Share this:
ধুবুৰীত মেট্ৰিক পৰীক্ষাৰ্থীৰ বাহনৰ ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়। ধুবুৰী এ এমকো ৰোডত ই-ৰিক্সাৰ লগত আন এখন বাহনৰ মুখামুখি সংঘৰ্ষ ঘটে। ই-ৰিক্সাত খনত পাচঁজনকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ আছিল। ইয়াৰে দুজন গুৰুতৰভাবে আঘাত প্ৰাপ্ত হোৱাত ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। আন তিনিজন ছাত্ৰৰ আঘাত সামান্য হোৱাত তেওঁলোক পৰীক্ষাত অৱতীৰ্ণ হৈছে ।

উল্লেখ্য যে, গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ছাত্ৰ এজনৰ নাম ওৱাছিম আক্ৰম বুলি জানিব পৰা গৈছে। উক্ত ঘটনাত ই-ৰিক্সা চালকো গুৰুতৰভাবে আহত হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

শেহতীয়া বাতৰি