ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সত্ৰশালত এইবাৰ গণৰাজ্য দিৱসৰ ধুবুৰী জিলাৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব ৷ গণৰাজ্য দিৱসত সীমান্তৱৰ্তী ৰাইজৰ অংশগ্ৰহণক উৎসাহিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যতিক্ৰমী সিদ্ধান্ত৷

ধুবুৰী জিলা সদৰত থকা ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰিৱৰ্তে সত্ৰশাল উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ খেলপথাৰত গণৰাজ্য দিৱসৰ জিলা ভিত্তিক কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে সীমান্তবাসী ৰাইজ৷ ভাৰত- বাংলাদেশ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰৈত অৱস্থিত সত্ৰশাল উচ্চ মাধ্যমিক বিদ্যাপীঠৰ খেলপথাৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু কৰা হৈছে ৷ গণৰাজ্য দিৱসৰ ধুবুৰী জিলা ভিত্তিক কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন, কৌশল বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ লগতে জিলা উপায়ুক্তকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, জিলা আৰক্ষী অধীক্ষক প্ৰমু্খ্যে আৰক্ষী বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বি এছ এফৰ শীৰ্ষ বিষয়া, ধুবুৰী জিলাৰ নেতৃস্থানীয় লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব৷ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ কুছ-কাৱাজ প্ৰদৰ্শন, দেশপ্ৰেমমূলক সাংস্কৃতিক কাৰ্যসূচীয়ে গণৰাজ্য দিৱসৰ দিনটো সীমান্তৱৰ্তী সত্ৰশাল অঞ্চলত এক অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি কৰিব৷ গণৰাজ্য দিৱস উদযাপনে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাইজৰ মাজত থকা দেশাত্মবোধৰ ধাৰণাক অধিক দৃঢ় কৰি তুলিব বুলি চৰ্চিত হৈছে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|