এইবাৰৰ পৌৰসভা নিৰ্বাচনত এক প্ৰত্যয়িত বিজয়েৰে ধুবুৰী জিলাৰ গোটেই কেইখন পৌৰসভা দখল কৰিলে বিজেপিয়ে। এইবেলি জিলাখনৰ ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ এই তিনিটা পৌৰসভাকে ধৰি বিলাসীপাৰা মহকুমাৰ বিলাসীপাৰা, চাপৰ আৰু সাপটগ্ৰাম পৌৰসভাতো নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে।
ধুবুৰী পৌৰসভাৰ মুঠ ১৬ আসনৰ ভিতৰত ১১টা ৱাৰ্ডত বিজয়ী হৈছে বিজেপিয়ে। নিৰ্দলীয় আৰু AGPয়ে পৌৰসভাখনৰ ২টাকৈ ৱাৰ্ডত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে মাথোঁ ১টা ৱাৰ্ডত বিজয়ী হৈছে কংগ্ৰেছ। আনহাতে গৌৰীপুৰ পৌৰসভাৰ ১৩ টা ৱাৰ্ডৰ ভিতৰত ৮ খনেই লাভ কৰিছে বিজেপিয়ে। পৌৰসভাখনৰ ৩টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ২টা ৱাৰ্ড (Municipal Election Result)।
উল্লেখ্য যে এইবাৰ গৌৰীপুৰ (Gauripur) পৌৰসভাৰ ৪টাকৈ ৱাৰ্ডত AIUDF দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এটাতো বিজয় লাভ নকৰিলে দলটোৱে। আনহাতে, ধুবুৰী মহকুমাৰ গোলকগঞ্জ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ভিতৰত ৬ খনত বিজয় সাব্যস্ত কৰিছে বিজেপিয়ে। আনহাতে ৩টা ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ লাভ কৰিছে মাথোঁ ১টা ৱাৰ্ড। ইপিনে বিলাসীপাৰা (Bilashipara) মহকুমাৰ বিলাসীপাৰা পৌৰসভাৰ ১৪টা ৱাৰ্ডৰ ১২টাতে বিজেপিয়ে বিজয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ২টা ৱাৰ্ড।
উল্লেখ্য যে এসময়ত শক্তিশালী সাংগঠনিক শক্তি থকা অগপই এইবাৰ পৌৰসভাখনৰ এখনো আসন লাভ নকৰাটো বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। আনহাতে মহকুমাটোৰ চাপৰ পৌৰসভাৰ ১০টা ৱাৰ্ডৰ ৭টা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছ, এজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজয়ী হৈছে ১টাকৈ ৱাৰ্ডত (Municipal Election Result Dhubri)।
আনহাতে সাপটগ্ৰাম পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৯টা ৱাৰ্ডতে জয়লাভ কৰিছে বিজেপি। Congressয়ে বিজয়লাভ কৰিছে মাথোঁ ১টা ৱাৰ্ডত। উল্লেখ্য যে আজি ধুবুৰীস্থ জিলা পৰিষদ কাৰ্যালয়ত নিৰ্মাণ কৰা অস্থায়ী গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ধুবুৰী মহকুমাৰ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ ভোটগণনা আৰম্ভ হয়। গণনাৰ অগ্ৰগতিৰ লগে লগে এই তিনিটা পৌৰসভাত বিজেপিৰ বিজয় নিশ্চিত বুলি পোহৰলৈ অহাৰ পিছত গণনা কেন্দ্ৰৰ সমীপৰ ৰাজপথত উৎকণ্ঠাৰে অপেক্ষা কৰি থকা দলটোৰ কৰ্মী আৰু সমৰ্থকসকলৰ পাৰভগা উছাহে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
ইয়াতে উল্লেখনীয় যে সংখ্যালঘু ভোটাৰে নিৰ্ধাৰকৰ ভূমিকা গ্ৰহণ কৰি অহা ধুবুৰী চহৰৰ ৯ আৰু ১৪নং ৱাৰ্ড দুটাত এইবাৰ BJPয়ে বিজয়লাভ কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য্য বহন কৰা বুলিয়েই বিবেচিত হৈছে। ইপিনে ভোটগণনাৰ অন্তত ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভা নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে দখল কৰাটো নিশ্চিত হোৱাৰ পিছত দলটোৰ কৰ্মী আৰু সমৰ্থকসকলে জিলা বিজেপিৰ সদ্য প্ৰাক্তন সভাপতি তথা ধুবুৰী পৌৰসভাৰ ২নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী ডা৹ দেৱময় সান্যালকে ধৰি দলটোৰ অন্যান্য কাৰ্য্যকৰ্তাক পুষ্প সজ্জিত এখন খোলা চাৰিচকীয়া বাহনত বহুৱাই ধুবুৰী চহৰত এক বিশাল সমদলো উলিয়ায়। ল’গতে উল্লেখ্য যে, ডা৹ সান্যালেই ধুবুৰী পৌৰসভাৰ অধ্যক্ষৰ দায়িত্ব লভাটো প্ৰায় নিশ্চিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|