মাতৃৰ মৃত্যুৰ বেদনা লৈয়ে ভোট দিবলৈ আহিল কুলদীপ

বুকুত মাতৃৰ বিয়োগৰ বেদনা, দেহত শুধ বগা বস্ত্ৰ। কিন্তু নিজৰ অধিকাৰৰ প্ৰতি সদা সচেতন তেওঁ। সেয়েহে মাতৃৰ বিয়োগৰ শোকত বুকুত লৈয়ে ভোটকেন্দ্ৰলৈ আহিল এইজন যুৱক।

news18assam
Updated:April 23, 2019, 2:05 PM IST
মাতৃৰ মৃত্যুৰ বেদনা লৈয়ে ভোট দিবলৈ আহিল কুলদীপ
বুকুত মাতৃৰ বিয়োগৰ বেদনা, দেহত শুধ বগা বস্ত্ৰ। কিন্তু নিজৰ অধিকাৰৰ প্ৰতি সদা সচেতন তেওঁ। সেয়েহে মাতৃৰ বিয়োগৰ শোকত বুকুত লৈয়ে ভোটকেন্দ্ৰলৈ আহিল এইজন যুৱক।
news18assam
Updated: April 23, 2019, 2:05 PM IST
বুকুত মাতৃৰ বিয়োগৰ বেদনা, দেহত শুধ বগা বস্ত্ৰ। কিন্তু নিজৰ অধিকাৰৰ প্ৰতি সদা সচেতন তেওঁ। সেয়েহে মাতৃৰ বিয়োগৰ শোক বুকুত লৈয়ে ভোটকেন্দ্ৰলৈ আহিল এইজন যুৱক। অশৌচৰ সময়ত খালী পেটেৰেই পুৱাৰে পৰা ভোটকেন্দ্ৰ শাৰী পাতিলে যুৱকজনে।

যুৱকজনৰ নাম কুলদীপ ৰায়। ঘৰ ধুবুৰী লোকসভা সমষ্টিৰ চাপৰত। ২৬৪নং বহলপুৰ তটপাৰা কেন্দ্ৰত শুধ বগা সাজ পিন্ধি ভোট দিবলৈ ওলাই অহা কুলদীপে কেন্দ্ৰটোলৈ অহা প্ৰতিজন লোকৰ দৃষ্টি আকৰ্ষণ কৰিলে। সদ্য মাতৃহাৰা কুলদীপৰ গণতান্ত্ৰিক কৰ্তব্যবোধৰ প্ৰতি থকা নিষ্ঠা অসংখ্যজনৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে।

ভোট দি কুলদীপৰ আহ্বান সকলোৱে দলে–বলে ওলাই আহি ভোটদান কৰক আৰু এখন সুস্থিৰ চৰকাৰ গঠন কৰাত অংশীদাৰ হওক।
আৰু চাওক পৰৱৰ্তী বাতৰি