ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ, ছিণ্ডিকেট–অসামাজিক কাৰ্যকলাপত জড়িতৰ অভিযোগ

News18 Assam | News18-Assam
Updated:May 31, 2021, 4:59 PM IST
ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ, ছিণ্ডিকেট–অসামাজিক কাৰ্যকলাপত জড়িতৰ অভিযোগ
আটক হোৱা সীমান্ত উপ–আৰক্ষী অধীক্ষক যতীন দাসৰ পৰা জব্দ কৰা হৈছে ৫৭ হাজাৰ টকা। ধুবুৰী থানাৰ এক গোচৰৰ ভিত্তিত আটক যতীন দাসক।

আটক হোৱা সীমান্ত উপ–আৰক্ষী অধীক্ষক যতীন দাসৰ পৰা জব্দ কৰা হৈছে ৫৭ হাজাৰ টকা। ধুবুৰী থানাৰ এক গোচৰৰ ভিত্তিত আটক যতীন দাসক।

  • Share this:
ধুবুৰীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ। ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ নিৰ্দেশত গ্ৰেপ্তাৰ সীমান্ত উপ–আৰক্ষী অধীক্ষকগৰাকীক। কেইবাটাও ছিণ্ডিকেটৰ সৈতে সীমান্ত উপ–আৰক্ষী অধীক্ষকগৰাকী জড়িত থকাৰ অভিযোগ। বৰ্তমান ধুবুৰী সদৰ থানাত চলি আছে সোধা–পোছা।

দেওবাৰে আৰক্ষীৰ অভিযানত আটক হৈছিল ৰফিকুল পাৰোমানিক( চফী) নামৰ এজন। চফীৰ পৰা জব্দ কৰা হৈছিল ৪ লক্ষাধিক টকা। ৰফিকুল ওৰফে চফীয়ে এজেণ্ট হিচাপে কাম কৰিছিল যতীন দাসৰ। বিভিন্ন অসমাজিক কাৰ্যকলাপ আৰু অবৈধ ব্যৱসায়ৰ সৈতে যতীন দাস জড়িত থকাৰ অভিযোগ। আৰক্ষীৰ হাতত মজুত আছে বহু তথ্য।

গ্ৰেপ্তাৰ হোৱা সীমান্ত উপ–আৰক্ষী অধীক্ষক যতীন দাসৰ পৰা জব্দ কৰা হৈছে ৫৭ হাজাৰ টকা। ধুবুৰী থানাৰ এক গোচৰৰ ভিত্তিত আটক যতীন দাসক।
Published by: Sanjay Kumar Das
First published: May 31, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি