• Home
  • »
  • News
  • »
  • assam
  • »
  • Dhubri Boat Accident : ধুবুৰীৰ নাও দুৰ্ঘটনা, এতিয়াও সন্ধান নাই চক্ৰ বিষয়া সঞ্জু দাসৰ, L&Tৰ অভিযন্তা আটক

Dhubri Boat Accident : ধুবুৰীৰ নাও দুৰ্ঘটনা, এতিয়াও সন্ধান নাই চক্ৰ বিষয়া সঞ্জু দাসৰ, L&Tৰ অভিযন্তা আটক

L&T কোম্পানীৰ ভুলৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হয় বুলি ৰাইজৰ অভিযোগ।

L&T কোম্পানীৰ ভুলৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হয় বুলি ৰাইজৰ অভিযোগ।

L&T কোম্পানীৰ ভুলৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হয় বুলি ৰাইজৰ অভিযোগ।

  • Share this:
ধুবুৰীৰ নাও দুৰ্ঘটনাত বৰ্তমানেও নিখোজ এজন। নিখোজ ধুবুৰী চক্ৰ বিষয়া সঞ্জু দাস (৩০)। নাওখনত আছিল প্ৰায় ২৯জন যাত্ৰী। জীৱিত অৱস্থাত উদ্ধাৰ ২৮গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত নাওখনো উদ্ধাৰ হৈছে যদিও সঞ্জু দাসৰ কোনো সন্ধান পোৱা নাই। নাওখনৰ পৰা এখন বাইক, এখন চাইকেল উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য, গৰাখহনীয়াৰ ৰোধৰ কামৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবলৈ গৈছিল ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস। লগত আছিল লাট মণ্ডল নমেজ উদ্দিন আৰু এজন ফিল্ড অফিচাৰ পিটাৰৰ লগতে জিলা পৰিষদৰ সদস্যা বেবী বেগম। লগৰ তিনিজনৰ কথমপি প্ৰাণৰক্ষা পৰে।

জিলা প্ৰশাসনে তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান। SDRF,NDRF ৰ ১০টা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে ঘটনা সন্দৰ্ভত প্ৰশাসনে L&T কোম্পানীৰ এজন অভিযন্তাক আটক কৰে। নাও দুৰ্ঘটনাত পতিত যাত্ৰীসকলক অস্থায়ী দলঙৰ ওপৰেৰে যাতায়তত বাধা প্ৰদান কৰিছিল L&Tৰ অভিযন্তাজনে।

L&T কোম্পানীৰ ভুলৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হয় বুলি ৰাইজৰ অভিযোগ। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি