মুখ্যপৃষ্ঠা »খবৰ »অসম »‘হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহি আছে, সতৰ্ক হ’ব লাগে’ – ক’লে আজমলে

‘হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন আহি আছে, সতৰ্ক হ’ব লাগে’ – ক’লে আজমলে

সোমবাৰে পশ্চিম বিলাসীপাৰাত এক সভাত অংশগ্ৰহণ কৰি আজমলে কয়, ‘‘বাল্য বিবাহৰ পলিচী ২০০৬–০৭ত হৈছিল। আমি সেইটো পলিচীত সন্মত আছো।

  • Share this:
বাল্য বিবাহক লৈ সৰৱ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল (Badruddin Ajmal)। সোমবাৰে পশ্চিম বিলাসীপাৰাত এক সভাত অংশগ্ৰহণ কৰি আজমলে কয়, ‘‘বাল্য বিবাহৰ পলিচী ২০০৬–০৭ত হৈছিল। আমি সেইটো পলিচীত সন্মত আছো। কিন্তু হঠাৎ মুখ্যমন্ত্ৰী চাহাবে টোপনিৰ পৰা সাৰ পাই মুছলমানক বহুদিন কষ্ট দিয়া নাই, আজি দিব লাগে বুলি ভাবি পুলিচ মাতি ঘোষণা কৰি দিলে। এনেকুৱাকে হয় নেকি।’’

আজমলে কয়, আমি যিমান বিৰোধিতা কৰিব লাগে কৰিছো। গোৱালপাৰা, ধুবুৰী, ফকিৰগঞ্জ, শালমাৰা সকলো স্থানত যিমান কেছ হৈছে, মই নজৰুল ভাইক কৈছো আপুনি সব কেছ লওক, যিমান পইচা লাগে আমি দিম। এয়া ইলিগেল। সেইটো আমি চেলেঞ্জ কৰি আছো।

হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) লৈ আজমলে কয়, ‘‘আজিকালি কি হৈছে মই নাজানো, বেয়া দিন আহিছে চীফ মিনিষ্টাৰ চাহাবৰ। হঠাৎ এনেকুৱা এটা সিদ্ধান্ত লয়, এনে লাগে যেন তেখেতৰ বেয়া দিন আহি আছে। তেখেত অলপ সতৰ্ক হ’ব লাগে।’’

শেহতীয়া বাতৰি