ধৃতিৰাজৰ পৰিয়ালৰ লোকে সকলোৱে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
ধৃতিৰাজৰ পৰিয়ালৰ লোকে সকলোৱে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।
ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে ফলাফল ঘোষণাৰ দিনটোৰ লগতে আন কেইবাদিনো ধৰি নেৰানেপেৰা ব্যস্ততাৰ মাজত কটাবলগীয়া হয়।
এনে পৰিপ্ৰেক্ষিতত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ (HS Exam Result) বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা ধৃতিৰাজ বাস্তৱ কলিতায়ো ফলাফল ঘোষণাৰ দিনাখনৰ পৰা ব্যস্ততাৰ মাজত আছে। বিভিন্ন সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপ, শুভানুধ্যায়ী ব্যক্তি আদিৰ দৃষ্টি আকৰ্ষণ কৰা ধৃতিৰাজক এতিয়া কিছু জিৰণিৰ প্ৰয়োজন হৈছে।
শাৰীৰিকভাৱে ভাগৰি পৰা ধৃতিৰাজৰ (Dhritiraj bastav kalita) স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে সকলোৱে দেখুওৱা মৰম আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি জনাইছে যে ধৃতিৰাজক কিছু জিৰণিৰ প্ৰয়োজন হৈছে। গতিকে ধৃতিৰাজক অভিনন্দন জনাব বিচৰা দল, সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যমকে ধৰি সকলোকে পুৱা ১০ বজাৰ পিছত উপস্থিত হ'বলৈ অনুৰোধ জনাইছে।
আনহাতে সন্ধিয়া ৭ বজাৰ পাছত ধৃতিৰাজে যাতে জিৰণি ল'ব পাৰে তাৰ বাবেও সকলোকে অনুৰোধ জনায়। এই অনুৰোধৰ কাৰণ উপলব্ধি কৰি এইক্ষেত্ৰত পৰিয়ালটোক সহায় কৰিব বুলি আশা কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|