বিটিআৰ চুক্তিত বহু খেলিমেলি আছে – গুৰুতৰ অভিযোগ এনডিএফবি(প্ৰ)ৰ অধ্যক্ষ ধীৰেন বড়োৰ

বিগত ন মাহে বিটিআৰ চুক্তিখন ৰূপায়ন নোহোৱা বাবে আজি এন ডি এফ বিৰ কেডাৰসকলে সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰে ধীৰেন বড়োৱে৷
বিগত ন মাহে বিটিআৰ চুক্তিখন ৰূপায়ন নোহোৱা বাবে আজি এন ডি এফ বিৰ কেডাৰসকলে সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ কৰে ধীৰেন বড়োৱে৷
- News18 Assam
- Last Updated: October 20, 2020, 10:00 AM IST
সন্দেহৰ আৱৰ্তত বিটিআৰ চুক্তি৷ এন ড এফ বিৰ চাৰিটা গোটক অন্ধকাৰত ৰাখি সম্পাদিত কৰা হৈছিল এই চুক্তিখন৷ চুক্তি সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰি এন ডি এফ বি প্ৰগতিশীলৰ অধ্যক্ষ তথা বিপিএফ নেতা ধীৰেন বড়োৰ অভিযোগ – চুক্তিত প্ৰাধান্য দিব লাগিছিল এন ডি এফ বিৰ চাৰিটা গোটক৷ পিছে অগ্ৰাধিকাৰ দিলে প্ৰমোদ বড়ো নেতৃত্বাধীন এবছুক৷
‘এই চুক্তিখনত বহু খেলিমেলি আছে৷ কিয়নো চুক্তি সম্পাদন কৰাৰ পূৰ্বে এবাৰো স্বাক্ষৰকাৰী সকলক লৈ কোনো আলোচনা নহ'ল৷ যাৰ বাবে এই চুক্তিখনে বড়ো জনগোষ্ঠীৰ বুদ্ধিজীৱী, আন্দোলনকাৰী সকলক সন্তুষ্ট কৰিব নোৱাৰিলে৷ ফলত আজি পুনৰ পৃথক বড়োলেণ্ডৰ বাবে একাংশ ওলাই আহিবলৈ বাধ্য হৈছে৷’ – ক’লে ধীৰেন বড়োৱে।
আনকি এন ডি এফ বি প্ৰগতিশীলৰ অধ্যক্ষ ধীৰেন বড়োৱে নিৰ্বাচনী অধিসূচনা জাৰি হৈ থকা সময়ত বিটিআৰ চুক্তি ৰূপায়ন কৰিব নোৱাৰে বুলি জানিবলৈ দি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিটিএডি অঞ্চলত পুনৰ গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টিৰ পোষকতা কৰি আহিছে৷