உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ধিঙৰ ৰৌমাৰিত দুটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰ ! কোনে খেৰৰ মেজিত লুকাই ৰাখিছিল বোমা ?

    ধিঙৰ ৰৌমাৰিত দুটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰ ! কোনে খেৰৰ মেজিত লুকাই ৰাখিছিল বোমা ?

    মাইনুল হকৰ ঘৰৰ খেৰৰ মেজিত এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় বোমা দুটা ।

    মাইনুল হকৰ ঘৰৰ খেৰৰ মেজিত এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় বোমা দুটা ।

    মাইনুল হকৰ ঘৰৰ খেৰৰ মেজিত এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় বোমা দুটা ।

    • Share this:
    ধিঙৰ  ৰৌমাৰিত বৃহস্পতিবাবে উদ্ধাৰ হয় দুটাকৈ হস্ত নিৰ্মিত বোমা  ৷ গাঁওখনৰ মাইনুল হক নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হয় বোমা দুটা । মাইনুলৰ পৰিয়ালৰ লোকে বোমা দুটি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্বাৰ কৰে বোমা দুটা ৷

    উল্লেখ্য যে যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে  মাইনুল হকৰ ঘৰত তালাচী চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল কোনো মাৰনাস্ত্ৰ  । কিন্তু ৰহস্যজনক ভাবে আজি পুৱা মাইনুলৰ পৰিয়ালৰ লোকে খেৰৰ মেজিত এটা মোনাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত  উদ্ধাৰ কৰে বোমা দুটা ।পাছত স্থানীয় আহোম গাঁও আৰক্ষীক খবৰ দিয়াত  বোমা দুটা থানালৈ লৈ আহে । এই সমগ্ৰ বিষয়টোৰ লগত ৰফিকুল ইছলাম, হবিবুৰ ৰহমান , আব্দুল মন্নাছ আৰু ছাইফুল ইছলাম জড়িত থকাৰ অভিযোগ৷ ভূমিকেন্দীক সংঘাতৰ বাবেই পৰিকল্পিত ভাবে মাইনুল হকৰ ঘৰত আই ই ডি ৰাখি অপৰাধী সজোৱাৰ চেষ্টাৰ অভিযোগ  এইসকলৰ বিৰুদ্ধে ৷  পূৰ্বেও অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন  অপৰাধৰ লগত জড়িত থকাৰ অভিযোগত এইকেইজনৰ বিৰুদ্ধে বিভিন্ন থানাত কেইবাটাও গোচৰ ৰুজু হৈ আছে  ৷বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
    Published by:Kokil Sarma
    First published: