• Home
  • »
  • News
  • »
  • assam
  • »
  • Dhing MLA Aminul Islam : পুনৰ বিস্ফোৰণ বিতর্কিত বিধায়ক আমিনুল ইছলামৰ, এইবাৰ টাৰ্গেট বিধায়ক পদ্ম হাজৰিকাৰ পত্নী

Dhing MLA Aminul Islam : পুনৰ বিস্ফোৰণ বিতর্কিত বিধায়ক আমিনুল ইছলামৰ, এইবাৰ টাৰ্গেট বিধায়ক পদ্ম হাজৰিকাৰ পত্নী

আমিনুল ইছলাম, AIUDF বিধায়ক, ধিং

আমিনুল ইছলাম, AIUDF বিধায়ক, ধিং

Dhing MLA Aminul Islam : উচ্ছেদক লৈ এইবাৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য ৷

  • Share this:
ধিঙৰ বিধায়ক আমিনুল ইছলাম (Dhing MLA Aminul Islam)ৰ এইবাৰ টাৰ্গেট চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা (MLA Padma Hazarika)ৰ পত্নী। উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ পদ্ম হাজৰিকাৰ বিৰুদ্ধে পত্নীৰ নামত ভূমি বেদখল (Land Grabbing)ৰ বিস্ফোৰক মন্তব্য আমিনুল ইছলামৰ। চতিয়া সমষ্টিৰ জামুগুৰিহাটত বিগত ৪০-৫০ বছৰ ধৰি বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰি এতিয়া উচ্ছেদিত ভূমিত কণ্যকা কৃষি প্ৰকল্প আৰম্ভ কৰি বিধায়ক পদ্ম হাজৰিকাৰ পত্নী (Wife of MLA Padma Hazrika)ৰ  NGOৰ নামত মাটিখিনি লৈ কৃষি প্ৰকল্পৰ নামত পৰোক্ষভাৱে ভূমি দখল কৰিছে ৷ এই মন্তব্য ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ৷

বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাত থকা বিধায়কগৰাকীয়ে লগতে কয় গৰুখুটিত উচ্ছেদ হোৱাৰ পিছত কৃষি প্ৰকল্পৰ বাবে আকৌ পদ্ম হাজৰিকাক সভাপতি পাতি এখন কমিটি বনোৱা হৈছে। আমিনুলৰ মন্তব্য পূৰ্বে পদ্ম হাজৰিকাই যিদৰে জামুগুৰিহাটত কৃষকক উচ্ছেদ কৰি পত্নীৰ NGOৰ নামত ভূমিখনি দখল কৰিলে ঠিক সেইদৰে গৰুখুটিতো দখলৰ পৰিকল্পনা কৰিছে ৷ এই পৰিকল্পনাত হয়তো মুখ্যমন্ত্ৰীৰো গোপন বুজা-বুজি আছে বুলি মন্তব্য আমিনুলৰ ৷

এইটোও পঢ়ক : Sherman Ali : জে’ললৈ যাওঁতেও সিমান দুখ পোৱা নাছিল শ্বেৰমান আলীয়ে, যিমান দুখ পাইছে কংগ্ৰেছৰ এটা কথাত, কি কথাত ইমান দুখ পালে শ্বেৰমানে?

বিধায়কগৰাকীয়ে লগতে কয় গৰুখুটিৰ পিছত নগাঁও জিলাৰ ধিঙৰ পাৰ্শ্বৱৰ্তী চৰ-চাপৰিত বিগত কিছু দিন ধৰি উচ্ছেদৰ জাননী দিয়া হৈছে ৷ যদি এই চৰাঞ্চলৰ লোক সকলে অবৈধ ভাবে ভূমি বেদখল কৰি আছিল তেন্তে বিগত ৫০/৬০ বছৰে কিয় চৰ উন্নয়ন বিভাগৰ জড়িয়তে তেওঁলোকক বিভিন্ন সুবিধা দিয়া হ'ল? যদি মানুহখিনি অবৈধ বেদখলকাৰী আছিল কিয় তাত স্কুল নিৰ্মাণ কৰা হ'ল ৷

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পূৰ্বতে শিক্ষামন্ত্ৰী হৈ থকা কালত চৰাঞ্চলৰ EGS কেন্দ্ৰবোৰ আপগ্ৰেড কৰি তাত এল পি, এম ই স্কুল কৰা হ'ল৷ তেখেতৰ দিনতেই চৰ চাপৰিত চিকিৎসা কেন্দ্ৰ কৰা হ'ল বুলি বিধায়ক আমিনুল ইছলামে মন্তব্য কৰে ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি