এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত নিযুক্তি লাভ কৰি ধেমাজিৰ পৰা পাইলট হোৱাৰ গৌৰৱ অৰ্জন কৰিলে সুৰজ আগৰৱালই৷ পাইলট হোৱাৰ কৈশোৰৰ সপোন পূৰণ হ’ল এইগৰাকী যুৱকৰ৷ ধেমাজি সদৰৰ ১নং ৱাৰ্ডৰ নিবাসী মুৰলী আগৰৱাল আৰু মীনা আগৰৱালৰ দ্বিতীয় সন্তান সুৰজ আগৰৱালই কৈশোৰ অৱস্থাতেই ঘৰৰ ওপৰৰে উৰি যোৱা উৰাজাহাজ দেখি সপোন পুহি ৰাখিছিল পাইলট হোৱাৰ৷
মেট্ৰিকৰ দেওনা পাৰ কৰি ধেমাজি মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত ২০১৯ বৰ্ষত উত্তৰ প্ৰদেশৰ আলিগড় পায়নিয়েৰ ফ্লায়িং একাডেমীত নামভৰ্তি কৰিছিল৷ তাৰ এটা বছৰৰ পিছতেই কোভিড অতিমাৰীৰ সময়ছোৱাত সুৰজ ৰৈ গৈছিল নিজৰ প্ৰশিক্ষণ থলীতেই৷
ফ্লায়িং একাডেমীত সৰ্বমুঠ দুশ ঘণ্টা উৰণ সম্পূৰ্ণ কৰি সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰে তেওঁ৷ বিগত বৰ্ষত ইউৰোপৰ লিথুৱানিয়াত দুমাহৰ বাবে ৮৪ ঘণ্টাৰ বয়িং প্ৰশিক্ষণ লোৱাৰ পিছত ঘৰলৈ আহিল সুৰজ৷ তাৰ পিছত চলিত মাহৰ ফল্গু উৎসৱৰ দিনটোত ঘৰলৈ আহিল এটা ভাল খবৰ৷
ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত কো–পাইলট হিচাপে নিযুক্তি লাভ কৰিছে সুৰজে৷ ৩০ মাৰ্চত সুৰজে যোগদান কৰিব মুম্বাইৰ কাৰ্যালয়ত৷ দুমাহৰ প্ৰশিক্ষণ শেষ কৰি বাণিজ্যিক বিমান চলাবলৈ নামি পৰিব তেওঁ৷ তালৈ যোৱাৰ পূৰ্বে ধেমাজিৰ বিভিন্ন দল–সংগঠনে ঘৰত জনালে শুভেচ্ছা৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 29, 2023, 14:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।