ধেমাজিত ভয়ংকৰ দুৰ্ঘটনা, বিয়া খাবলৈ গৈ গাড়ীসহ নদীত পৰিল এটা পৰিয়াল, মাতৃসহ এগৰাকী কন্যাক উদ্ধাৰ, সন্ধান ওলোৱা নাই পিতৃ, সৰু কন্যাসহ গাড়ী চালকৰ

News18 Assam | News18-Assam
Updated:July 2, 2020, 4:26 PM IST
ধেমাজিত ভয়ংকৰ দুৰ্ঘটনা, বিয়া খাবলৈ গৈ গাড়ীসহ নদীত পৰিল এটা পৰিয়াল, মাতৃসহ এগৰাকী কন্যাক উদ্ধাৰ, সন্ধান ওলোৱা নাই পিতৃ, সৰু কন্যাসহ গাড়ী চালকৰ
ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী

ধেমাজিত ভয়ংকৰ পথ দুৰ্ঘটনা, দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী

  • Share this:
বৃহস্পতিবাৰে ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা দলঙত সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এক বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ লখিমপুৰৰ পৰা ব্যক্তিগত বাহনেৰে চিলাপথাৰলৈ গৈছিল লখিমপুৰৰ টংকেশ্বৰ কলিতা নামৰ এজন লোকৰ পৰিয়াল। কিন্তু ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায় তেওঁলোকৰ গাড়ীখন।

ডাঙৰ কন্যা কুকি কলিতা, ইতিমধ্যে উদ্ধাৰ কৰা হৈছে


 

ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। পিছত কেইজনমান যুৱকে নদীত জাপ দি মাতৃ আৰু ডাঙৰ কন্যা কুকি কলিতাক জীৱন্তে উদ্ধাৰ কৰে।

কুকি কলিতাৰ মাতৃ, ইতিমধ্যে উদ্ধাৰ কৰা হৈছে


কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফৰ দল। যদিও পৰিয়ালৰ দুগৰাকী সদস্যক উদ্ধাৰ কৰা হৈছে তথাপি এতিয়াও টংকেশ্বৰ কলিতা, সৰু কন্যা ৰিকি কলিতা আৰু গাড়ীখনৰ চালকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই।

টংকেশ্বৰ কলিতা


বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান।

সৰু কন্যা ৰিকি কলিতা


আনহাতে উদ্ধাৰ কৰা মাতৃ আৰু ডাঙৰ কন্যা কুকি কলিতাক সংকটজনক অৱস্থাত ডিব্ৰুগড় চিকিত্‍সা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
First published: July 2, 2020, 4:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading